মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসম চুক্তিৰ ৫ আৰু ৬নং দফা কাৰ্যকৰী কৰাৰ দাবীত কাইলৈ ৰাজ্যজুৰি ‘গণ গৰ্জন’ কাৰ্যসূচী পালন কৰিব অসম জাতীয় পৰিষদে

অসম চুক্তিৰ ৫ আৰু ৬নং দফা কাৰ্যকৰী কৰাৰ দাবীত কাইলৈ ৰাজ্যজুৰি ‘গণ গৰ্জন’ কাৰ্যসূচী পালন কৰিব অসম জাতীয় পৰিষদে

News18 Assam | News18-Assam
Updated:September 13, 2021, 6:46 PM IST
অসম চুক্তিৰ ৫ আৰু ৬নং দফা কাৰ্যকৰী কৰাৰ দাবীত কাইলৈ ৰাজ্যজুৰি ‘গণ গৰ্জন’ কাৰ্যসূচী পালন কৰিব অসম জাতীয় পৰিষদে
৭ ছেপ্টেম্বৰৰ দিনা ত্ৰিপুৰাৰ প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মাৰ উপস্থিতিত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উক্ত কাৰ্যসূচী ঘোষণা কৰিছিল।

৭ ছেপ্টেম্বৰৰ দিনা ত্ৰিপুৰাৰ প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মাৰ উপস্থিতিত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উক্ত কাৰ্যসূচী ঘোষণা কৰিছিল।

  • News18 Assam
  • Last Updated: September 13, 2021, 6:46 PM IST
  • Share this:
ঐতিহাসিক অসম চুক্তিৰ ৫নং আৰু ৬নং দফা কাৰ্যকৰী কৰাৰ জৰিয়তে অসমীয়া জাতিক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবীত অসম জাতীয় পৰিষদে মঙলবাৰে ৰাজ্যজুৰি 'গণ গৰ্জন' কাৰ্যসূচী ৰূপায়ণ কৰিব৷ ৰাজ্যৰ জিলা সদৰ স্থানসমূহত অসম জাতীয় পৰিষদ দলৰ নেতা, কৰ্মকৰ্তাসকলে উল্লিখিত দাবীৰ লগতে ‘কা' আইন অসমত কাৰ্যকৰী নকৰিবলৈ দাবী উত্থাপন কৰিব৷

যোৱা ৭ ছেপ্টেম্বৰৰ দিনা ত্ৰিপুৰাৰ প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মাৰ উপস্থিতিত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উক্ত কাৰ্যসূচী ঘোষণা কৰিছিল। বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আত্মপ্ৰকাশ কৰা লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে শেহতীয়াকৈ ৰাজ্যত সংঘটিত প্ৰতিটো ঘটনা গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে। দলটোৰ নেতৃত্বই মিজো সীমান্তৰ লাইলাপুৰৰ ঘটনাস্থলী পৰ্যবেক্ষণ কৰা, ভাৰতৰত্ন গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ শেহতীয়া পৰিস্থিতি অথবা মাজুলীৰ নিমাতীঘাটৰ শোকাকুল পৰিৱেশ পৰ্যবেক্ষণ কৰি ঘটনাৰ বুজ লৈছিল। তাৰ মাজতে সমান্তৰালভাৱে উপ–নিৰ্বাচনৰ বাবেও কঁকালত টঙালি বান্ধিছে অজাপই।
Published by: Sanjay Kumar Das
First published: September 13, 2021, 6:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি