বিগত কেইটামান দিনত ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে ক'ৰোনা ভাইৰাচৰ সংক্ৰমণ ।যাৰ বাবে হ্ৰাস পাইছে বিমানৰ চলাচল ।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত পূৰ্বে প্ৰায় ১০০ৰ পৰা ১১০ খন বিমান চলাচল কৰাৰ পৰিৱৰ্তে ক'ভিড সংক্ৰমণ বৃদ্ধিৰ বাবে এতিয়া প্ৰায় ৩০ৰ পৰা ৫০ খনহে মাত্ৰ বিমান চলাচল কৰে আৰু নিতৌ প্ৰায় ১০,০০০ বিমান যাত্ৰীৰ সমাগম হোৱা বিমানবন্দৰত ক'ভিডৰ বাবে বৰ্তমান ১৫০০ ৰ পৰা প্ৰায় ২০০০ বিমান যাত্ৰীৰ সমাগম হয়। বিমান বন্দৰত অব্যাহত আছে বহিঃৰাজ্যৰ পৰা অহা সকলো যাত্ৰীৰ ক'ভিড পৰীক্ষাৰ।
বৰঝাৰ বিমানবন্দৰত যাত্ৰী হ্ৰাস পোৱাৰ পিছত বিমানবন্দৰৰ টেক্সি চালকসকল আৰ্থিক সংকটত ভুগিব লগা হৈছে । ইয়াৰ পূৰ্বে বিমান যাত্ৰীৰ সংখ্যা হ্ৰাস পালে ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যাও কমিব বুলি আশা প্ৰকাশ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। তেনে পৰিপ্ৰেক্ষিতত বিমান যাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাটো ৰাজ্যৰ বাবে এক ইতিবাচক দিশ বুলিয়েই আশা কৰিব পাৰি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|