உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ২৫ মে’ৰ পৰা বিমান সেৱা আৰম্ভ কৰিবলৈ বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চলিছে প্ৰস্তুতি, বনোৱা হৈছে সামাজিক ব্যৱধানৰ চিহ্ন

    ২৫ মে’ৰ পৰা বিমান সেৱা আৰম্ভ কৰিবলৈ বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চলিছে প্ৰস্তুতি, বনোৱা হৈছে সামাজিক ব্যৱধানৰ চিহ্ন

    ‍‍বিমানবন্দৰত দিয়া হৈছে সামাজিক ব্যৱধানৰ চিহ্ন।

    ‍‍বিমানবন্দৰত দিয়া হৈছে সামাজিক ব্যৱধানৰ চিহ্ন।

    ‍‍বিমানবন্দৰত দিয়া হৈছে সামাজিক ব্যৱধানৰ চিহ্ন।

    • Share this:
    দেশত ২৫ মে’ৰ পৰা আৰম্ভ হ'ব ঘৰুৱা বিমান সেৱা । বিমানসেৱাৰ কাৰণে সাজু কৰিবলৈ যো-জা চলিছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত । বিশ্বজুৰি সন্ত্ৰাস চলোৱা কোৰোণা ভাইৰাছৰ ফলত দেশত বন্ধ হৈ আছিল বিমানসেৱা। দেশৰ বিমানবন্দৰসমুহ প্ৰথমবাৰৰ বাবে এনেকৈ স্তব্ধ হৈ পৰিছিল । যোৱা ২৪ মাৰ্চৰ পৰা অব্যাহত লকডাউনৰ ফলত বন্ধ হৈ আছিল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰো । বন্ধ হৈ আছিল আন্তঃৰাষ্ট্ৰীয় বিমানৰ লগতে ঘৰুৱা বিমান সেৱাও । জৰুৰী সেৱাৰ লগত জড়িত বিমানৰ বাহিৰে আন কোনো বিমানৰ চলাচল হোৱা নাছিল  বিমানবন্দৰত ।

    শেহতীয়াকৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে, ২৫মে’ৰ পৰা আৰম্ভ হ'ব ঘৰুৱা বিমানসেৱা। সকলো বিমানবন্দৰ আৰু বিমান কৰ্তৃপক্ষক ২৫মে’ৰ পৰা সাজু হ’বলৈ কোৱা হৈছে । তাৰপিছতে বিমানসেৱা আৰম্ভ কৰিবলৈ যো-জা চলোৱা হৈছে বৰঝাৰ বিমানবন্দৰত। যাত্ৰাৰ কাৰণে যাত্ৰীসকলে বিমানবন্দৰত মানিব লাগিব বিশেষ নিয়ম। কোৰোণাৰ সংক্ৰমন ৰোধ কৰিবৰ বাবে বিমানবন্দৰত ১মিটাৰৰ দূৰে দূৰে গঢ়া হৈছে চিহ্ন আৰু এই চিহ্নত থিয় দি হে যাত্ৰী যাব অহা-যোৱা কৰিব লাগিব । বহা ঠাইতো দিয়া হৈছে সামাজিক ব্যৱধানৰ চিহ্ন । বিমানবন্দৰত প্ৰৱেশৰ আগমুহুৰ্তত চিকিৎসা কৰ্মীয়ে কৰিব পৰীক্ষা তাৰপিছতে সোমাব পাৰিব ভিতৰচৰাত । আপোনাৰ টিকট তথা I-Card সুৰক্ষা কৰ্মীক দেখুৱাব লাগিব কেমেৰাৰ আগতহে। ৱেব চেক ইন কৰি অহা যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব। বয়সীয়াল আৰু অসুখীয়াসকলক বিমান যাত্ৰা কৰিবলৈ দিয়া নহয়।

    উল্লেখযোগ্য যে ২৫মে’ৰ পৰা দেশৰ এক তৃতীয়াংশ বিমানৰ উৰণহে আৰম্ভ হ’ব আৰু আগষ্ট মাহলৈকে এই ব্যৱস্থা থাকিব। প্ৰয়োজনীয়তা অনুসৰি বিমানৰ সংখ্য বঢ়োৱা হ’ব।
    First published: