মহানগৰবাসীৰ সন্মুখত আন এক ভাবুকি! গুৱাহাটীত উদ্বেগজনক হাৰত বৃদ্ধি বায়ু প্ৰদূষণ ৷ বিগত বৰ্ষৰ তুলনাত চলিত বছৰত প্ৰায় ২০ৰ পৰা ২০০ পৰ্যন্ত দৈনিক AQI (Air Quality Index) পাৰ্থক্য ৷ তথ্য অনুসৰি ২০২২ চনৰ ১৩ জানুৱাৰীত বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৭৬ আছিল। ইয়াৰ বিপৰীতে ২০২৩ চনৰ ১৩ জানুৱাৰীত AQI ২৭৩লৈ বৃদ্ধি পাইছে। বায়ু প্ৰদূষণ মাত্ৰা বৃদ্ধিয়ে শংকাৰ সৃষ্টি কৰিছে মহানগৰীত।
একেদৰে ২০২২ চনৰ ১৪ জানুৱাৰীত ৩০১, চলিত বছৰত ৩২০ সূচাংক ৷ ২০২২ চনৰ ১৫ জানুৱাৰীত ১৯০ AQI চলিত বছৰৰ দিনটোত ৩৭৬ সূচাংক ৷ ২০২২ চনৰ ১৬ জানুৱাৰীত ২২০ AQI, চলিত বছৰত ৩৬৫ সূচাংক ৷ ২০২২ চনত আজিৰ দিনটোত ২৫৩ বিপৰীতে এই বছৰত ৩২০ সূচাংক ! অৰ্থাৎ তুলনামূলকভাৱে চলিত মাহটোত বিগত বৰ্ষৰ তুলনাত এই বছৰ প্ৰায় ২০ ৰ পৰা ২০০ পৰ্যন্ত এটা দিনত AQI পাৰ্থক্য ৷ যি ভয়ংকৰ অমানিশা মাতি আনিছে মহানগৰবাসীলৈ ৷
প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ লগে লগে শ্বাস-প্ৰশ্বাসৰ সমস্যাত আক্ৰান্ত হৈছে বহু লোক ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই এক টুইটযোগে আগবঢ়াইছে এক পৰামৰ্শ ৷
গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বিশেষকৈ মহানগৰৰ পথ উপপথসমূহত পানী ছটিওৱাৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ ৷ কিয়নো মহানগৰীত শেহতীয়াকৈ বহু লোক হাঁওফাঁওজনিত সমস্যাত আক্ৰান্ত হোৱা বুলি উল্লেখ।
Published by: Gautam Barman
FIRST PUBLISHED : February 06, 2023, 02:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।