২০২২ চনত অগপ (AGP)ৰ লক্ষ্য ২৫ লাখ ৷ আঞ্চলিক দলটোত অন্তৰ্ভুক্ত কৰিব ২৫ লাখ নতুন সদস্য ৷ নতুন বছৰত অগপ দলত যুৱক-যুৱতী তথা মহিলাক বিশেষ অগ্ৰাধিকাৰৰ সংকল্প অগপ সভাপতি অতুল বৰা (Atul Bora)ৰ ৷ সমূহ অসমবাসী ৰাইজক আগন্তুক ইংৰাজী নৱবৰ্ষ (New Year2022)ৰ শুভকামনা জনাই নতুন বছৰত ৰাজ্যৰ আঞ্চলিক দলটো অধিক মজবুট আৰু শক্তিশালী কৰাৰ সংকল্প লৈছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই ৷
ৰাজ্যত এই পৰ্য্যন্ত প্ৰায় ৩০ হাজাৰ পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে বুলি অগপৰ সভাপতিজনে ৷ অসম চুক্তি (Assam Accord) আৰু ৰূপায়ণৰ বাবে ধাৰাবাহিক কাম কৰি থকা বুলিও অতুল বৰাই দাবী কৰে ৷
আনহাতে দলটোৰ কাৰ্য্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ মত, কোভিডে (Covid)ৰে আৰম্ভ হোৱা বছৰ কোভিডতে পাৰ হ'ল ৷ কিন্তু এতিয়াও কোভিড শেষ হোৱা নাই ৷ নতুন বছৰৰ প্ৰাকক্ষণত পুনৰ অমিক্ৰণৰ দুচিন্তাই দেখা দিছে ৷ অৱশ্যে ইযাৰ বাবে স্বাস্থ্য বিভাগে আন্তগাথনি বৃদ্ধি কৰা বুলিও দাবী কৰে কেশৱ মহন্তই ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নতুন এটা পৰীক্ষাগাৰ স্থাপন কৰাৰ লক্ষ্য স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ৷