உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • AGP Executive : বিজেপিৰ লগ নেৰে অগপই, আসন্ন নিগম-নিকায়ৰ নিৰ্বাচনত একেলগে যুঁজিব!

    AGP Executive : বিজেপিৰ লগ নেৰে অগপই, আসন্ন নিগম-নিকায়ৰ নিৰ্বাচনত একেলগে যুঁজিব!

    AGP Executive : কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্যৰে অগপ-বিজেপি একেলগে আগবাঢ়িব- ৰমেন্দ্ৰ নাৰায়ণ কলিতা

    AGP Executive : কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্যৰে অগপ-বিজেপি একেলগে আগবাঢ়িব- ৰমেন্দ্ৰ নাৰায়ণ কলিতা

    AGP Executive : কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্যৰে অগপ-বিজেপি একেলগে আগবাঢ়িব- ৰমেন্দ্ৰ নাৰায়ণ কলিতা

    • Share this:
    বিজেপি (BJP)ৰ সতে একেলগে নিগম-নিকায় নিৰ্বাচনত নামিব অগপ (AGP) ৷ অগপৰ দলীয় কাৰ্যনিৰ্বাহকত অনানুষ্ঠানিকভাৱে লোৱা হয় এই সিদ্ধান্ত ৷ অগপ দলৰ সভাপতি অতুল বৰা (Atul Bora)ৰ নেতৃত্বত শনিবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহকত আগন্তুক পৌৰ সভা, পৌৰ নিগমৰ নিৰ্বাচন (Civic Body Election) সন্দৰ্ভত অনুষ্ঠিত হয় বিষদ আলোচনা ৷

    আলোচনা কালত এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত নহ'ল কোনো আলোচনা ৷ বিপৰীতে পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰি মুখথেকেচা খোৱা অগপ নেতৃত্বৰ স্পষ্ট ইংগতি বিধানসভা নিৰ্বাচনৰ মিত্ৰতা অটুত থাকিব নিগম-নিকায়ৰ নিৰ্বাচনতো ৷

    বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটে (AGP-BJP Alliance) আসন হ্ৰাস কৰা দলটোৰ একপ্ৰকাৰ সকলো সমীকৰণ মানি ল'বলৈ প্ৰস্তুত ৷ অৱশ্যে নিয়ম ৰক্ষা কৰি পৌৰ সভা নিৰ্বাচনী কমিটি আৰু পৌৰ নিগম নিৰ্বাচনী কমিটি গঠন কৰিছে অগপ দলে ৷ দুই কমিটিয়ে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি প্ৰস্তুত কৰিব তালিকা ৷ পিছে প্ৰশ্ন হৈছে, নিগম নিকায় নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ মন বিজেপিৰ ৷ তেনে সময়ত এতিয়া বিজেপিৰ কি চৰ্ত মানি ল'ব লগীয়া হ'ব অগপই সেয়া সময়তহে লক্ষণীয় হ'ব ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: