• Home
  • »
  • News
  • »
  • assam
  • »
  • Agnipath|Agniveer: দেশৰ সেনাবাহিনীৰ শক্তি বৃদ্ধিত অগ্নিপথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ কামাখ্যা প্ৰসাদ তাছা

Agnipath|Agniveer: দেশৰ সেনাবাহিনীৰ শক্তি বৃদ্ধিত অগ্নিপথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ কামাখ্যা প্ৰসাদ তাছা

Agnipath|Agniveer: কামাখ্যা প্ৰসাদ তাছাই কয় যে অগ্নিবীৰ (Agniveer)সকলৰ কাৰ্যকাল ৪ বছৰ হলেও ইয়াৰ ২৫ শতাংশই যোগ্যতা অনুসৰি সামৰিক বাহিনীত স্থায়ী নিযুক্তি লাভ কৰিব। একেদৰে অসম তথা উত্তৰ প্ৰদেশত অগ্নিবীৰসকলক আৰক্ষী বেটেলিয়নত নিযুক্তি দিয়া হব বুলিও ঘোষণা কৰিছে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীয়ে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ (Agnipath) আঁচনিক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অগ্নিপথে দেশৰ সশস্ত্ৰ বাহিনী (Indian Armed Force)ৰ আধুনিকীকৰণ প্ৰক্ৰিয়াক ত্বৰাণ্বিত কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপি (Assam BJP)য়ে। আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে বিজেপিৰ মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছা (Kamakhya Prasad Tasa)ই।

মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছাই বিবৃতিত কয় যে অগ্নিপথ আঁচনিয়ে দেশৰ নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই ব্যৱস্থাই দেশৰ সামৰিক মানৱ সম্পদৰ গাথনি সবল কৰাৰ লগতে সমাজত যুৱক-যুৱতীৰ মাজত দেশপ্ৰেম আৰু আদৰ্শৰ বিকাশত সহায় কৰিব।

কামাখ্যা প্ৰসাদ তাছাই কয় যে অগ্নিবীৰ (Agniveer)সকলৰ কাৰ্যকাল ৪ বছৰ হলেও ইয়াৰ ২৫ শতাংশই যোগ্যতা অনুসৰি সামৰিক বাহিনীত স্থায়ী নিযুক্তি লাভ কৰিব। একেদৰে অসম তথা উত্তৰ প্ৰদেশত অগ্নিবীৰসকলক আৰক্ষী বেটেলিয়নত নিযুক্তি দিয়া হব বুলিও ঘোষণা কৰিছে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে প্ৰথমবাৰতে ৪৬ হাজাৰ অগ্নিবীৰ নিযুক্তি দিয়া হব আৰু পিছত ৫০ হাজাৰকৈ অগ্নিবীৰ নিযুক্তি দিয়া হব। মাহিলী দৰমহাৰ উপৰি ৪ বছৰৰ কাৰ্যকালৰ অন্তত অগ্নিবীৰসকলে প্ৰায় ১২ লাখ টকা বিত্তীয় পেকেজো লাভ কৰিব বুলি কয় কামাখ্যা প্ৰসাদ তাছাই। তেওঁ লগতে এইটোও স্পষ্ট কৰি দিয়ে যে পুনৰ চাকৰি নকৰি উদ্যমী হব বিচৰা অগ্নিবীৰসকলক চৰকাৰে সম্পূৰ্ণ সহযোগ কৰিব বুলি আঁচনিখনত বিস্তাৰিতভাৱে উল্লেখ আছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি