মূল্য বৃদ্ধি ৰোধ, নিবনুৱা সমস্যা সমাধান, বান সাহায্যৰ ক্ষেত্ৰত অসমক বঞ্চনা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ আদিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শুকুৰবাৰে বিয়লি ৰাজভৱনলৈ গৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে।
মূল্য বৃদ্ধি ৰোধ, নিবনুৱা সমস্যা সমাধান, বান সাহায্যৰ ক্ষেত্ৰত অসমক বঞ্চনা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ আদিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শুকুৰবাৰে বিয়লি ৰাজভৱনলৈ গৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে।
ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ সাংঘাতিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকক। সেয়ে মূল্য বৃদ্ধি ৰোধ, নিবনুৱা সমস্যা সমাধান, বান সাহায্যৰ ক্ষেত্ৰত অসমক বঞ্চনা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ আদিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শুকুৰবাৰে বিয়লি ৰাজভৱনলৈ গৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে।
দিনৰ ভাগৰ ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ পিছত সেই একেই দাবীসমূহক লৈ প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতী দলে বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সজাতি দলটোত আছিল দূধনৈ সমষ্টিৰ যাদৱ স্বৰ্গীয়াৰী, ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী হিৰণ্য বৰা, এটোৱা মুন্ডা আৰু ডা: জয়প্ৰকাশ দাস। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৰাজভৱনৰ পৰা ওলাই আহি পুনৰ বাৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। " ৰন্ধন গেছৰ চিলিন্ডাৰৰ মূল্য ১,১০২ টকা হৈছে, চৰকাৰ ক'ত শুই আছে" প্ৰশ্ন মীৰা বৰঠাকুৰৰ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|