SEBA : মূল্যাংকন কেলেংকাৰীৰ পাছত কঠোৰ ছেবা, দুদিনৰ ভিতৰত পুনৰ মূল্যায়ন দাখিলৰ নিৰ্দেশ।

News18 Assam | News18-Assam
Updated:July 20, 2021, 5:25 PM IST
SEBA : মূল্যাংকন কেলেংকাৰীৰ পাছত কঠোৰ ছেবা, দুদিনৰ ভিতৰত পুনৰ মূল্যায়ন দাখিলৰ নিৰ্দেশ।
পৰীক্ষাৰ্থীৰ সঠিক মূল্যাংকন কৰি অনলাইন পৰ্টেল যোগে দুদিনৰ ভিতৰত সকলো তথ্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ SEBAৰ ৷

পৰীক্ষাৰ্থীৰ সঠিক মূল্যাংকন কৰি অনলাইন পৰ্টেল যোগে দুদিনৰ ভিতৰত সকলো তথ্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ SEBAৰ ৷

  • Share this:
ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীয়ে ৰাজ্য কঁপাই যোৱাৰ পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ৰ নম্বৰ প্ৰদানক লৈ তৎপৰ হৈছে ছেবা কৰ্তৃপক্ষ। নীতি বহিৰ্ভূতভাৱে অধিক নম্বৰ প্ৰদান কৰাৰ ক্ষেত্ৰত কঠোৰ ছেবা (SEBA) কৰ্তৃপক্ষ ৷ শেহতীয়াকৈ কামৰূপ জিলাত ধনৰ বিনিময়ত অধিক নম্বৰ প্ৰদানৰ ঘটনাৰ পাছতে কাছাৰ জিলাতো অনুৰূপ ঘটনা পোহৰলৈ আহিছে।

এনে পৰিস্থিতিত বিদ্যালয়লৈ অন্তিম বাৰৰ বাবে নম্বৰ পুনৰীক্ষণ কৰি প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে।  পৰীক্ষাৰ্থীৰ সঠিক মূল্যাংকন (Evaluation) কৰি অনলাইন পৰ্টেল যোগে দুদিনৰ ভিতৰত সকলো তথ্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে বিদ্যালয়সমূহলৈ।

অৱশ্যে এই ঘটনাৰ পাছতো কিন্তু প্ৰাৰ্থী আৰু অভিভাৱকসকলে কোনো দুশ্চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি আশ্বাস দিয়ে ছেবাৰ অধ্যক্ষৰ ৷ ৩১ জুলাইৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰ্তৃপক্ষই ফলাফল প্ৰকাশ কৰিব বুলি দৃঢ় ৷

ইপিনে এই সকলো ব্যৱস্থা নিকা আৰু স্বচ্ছ হ'ব লাগিব বুলি পুনৰবাৰ দাবী আছুৰ সভাপতি দিপাংক নাথৰ ৷ মাধ্যমিকৰ ফলাফলৰ এই ঘটনাৰ মাজত উচ্চতৰ মাধ্যমিকৰ কাৰ্য্যলয়ত মঙ্গলবাৰে সাব্যস্ত হল আন এক প্ৰতিবাদ ৷ বেটাৰমেণ্ট প্ৰাৰ্থী সকলক নীয়মিয়া প্ৰাৰ্থীৰ সমানে নম্বৰ প্ৰদানৰ দাবীত প্ৰতিবাদত নামিল অৰ্ধশতাধিক প্ৰাৰ্থী ৷
Published by: Manjumoni Borah
First published: July 20, 2021, 5:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি