உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • GMC Election: ৯ বছৰৰ মূৰত কাইলৈ অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন, EVMত বন্দী হ'ব ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ...

    GMC Election: ৯ বছৰৰ মূৰত কাইলৈ অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন, EVMত বন্দী হ'ব ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ...

    অন্ত পৰিল হাই ভল্টেজ প্ৰচাৰ অভিযান। কাইলৈ অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। EVM ত বন্দী হ'ব ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

    অন্ত পৰিল হাই ভল্টেজ প্ৰচাৰ অভিযান। কাইলৈ অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। EVM ত বন্দী হ'ব ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

    অন্ত পৰিল হাই ভল্টেজ প্ৰচাৰ অভিযান। কাইলৈ অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। EVM ত বন্দী হ'ব ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

    • Share this:
    অন্ত পৰিল হাই ভল্টেজ প্ৰচাৰ অভিযান। কাইলৈ অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। EVM ত বন্দী হ'ব ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। মহানগৰীৰ ৫৭ টা ৱাৰ্ডত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মহানগৰ আৰক্ষীয়েও। ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে নিৰ্বাচনৰ সকলো প্ৰস্তুতি। ৬০ টা ৱাৰ্ডৰ মুঠ ৫৭ টা ৱাৰ্ডত হ'ব নিৰ্বাচন। ৩ টা ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হৈছে প্ৰাৰ্থী। মুঠ ২৫৭টা কেন্দ্ৰত হ'ব ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭, ৯৬, ২৫০ গৰাকী।  ২ হাজাৰৰ অধিক পুলিং, প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে। গুৱাহাটীত ৮০টা ভোট কেন্দ্ৰ পৰিচালনা কৰিব কেৱল মহিলাই। এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত  ৯০ গৰাকীয়ে বেলত ভোট দিছে। জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলিছে ভোটদান প্ৰক্ৰিয়া।

    আনহাতে শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে কেইবা তৰপীয়া নিৰাপত্তা ব্য়ৱস্থা মহানগৰ আৰক্ষী প্ৰশাসনৰ। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে ৭৪ জন ছেক্টৰ অফিচাৰ আৰু ৮ জন জ’নেল অফিচাৰ নিয়োগ কৰা হৈছে। ছেক্টৰ পৰ্যায়ত আৰক্ষী উপপৰিদৰ্শক নিয়োগ কৰাৰ বিপৰীতে সৰ্বমুঠ ৮ টা জ’নৰ প্ৰতিটো জ’ন একোগৰাকী উপ-আৰক্ষী অধীক্ষকৰ তত্বাৱধানত থাকিব। আনহাতে ছেক্টৰ অফিচাৰসমূহৰ লগত থাকিব নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্পৰ্শকাতৰ বিবেচিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত অধিক সশস্ত্ৰ আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। অৱশ্যে নিৰাপত্তাৰ খাতিৰত স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ নাম উল্লেখ কৰা নাই মহানগৰ আৰক্ষী আয়ুক্তই। শুকুৰবাৰে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা EVM সমূহ লৈ নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা  হয় পুলিং আৰু প্ৰিজাইডিং বিষয়া সকল। উল্লেখযোগ্য যে, এইবাৰ প্ৰথম বাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছে EVM।
    Published by:Kokil Sarma
    First published: