মুখ্যপৃষ্ঠা » খবৰ

» অসম

»একাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি কৰিলে শিক্ষা সংসদে, কেতিয়ালৈ বৃদ্ধি কৰা হ’ল সময়সীমা?

একাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি কৰিলে শিক্ষা সংসদে, কেতিয়ালৈ বৃদ্ধি কৰা হ’ল সময়সীমা?

News18 Assam | News18-Assam
Updated:September 12, 2021, 6:51 PM IST
একাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি কৰিলে শিক্ষা সংসদে, কেতিয়ালৈ বৃদ্ধি কৰা হ’ল সময়সীমা?
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাবে শিক্ষানুষ্ঠানসমূহে ২৩ আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে প্ৰস্তুত কৰিব প্ৰথমখন তালিকা

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাবে শিক্ষানুষ্ঠানসমূহে ২৩ আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে প্ৰস্তুত কৰিব প্ৰথমখন তালিকা

  • News18 Assam
  • Last Updated: September 12, 2021, 6:51 PM IST
  • Share this:
উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়সীমা ১৮ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।শিক্ষা সংসদে পূৰ্বে ঘোষণা কৰা অনুসৰি দেওবাৰে সমাপ্ত হোৱাৰ কথা আছিল নামভৰ্তিৰ সময়সীমা। বহু ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰকাশ কৰা জাননী অনুসৰি, পূৰ্বতকৈ ছয়দিন বৃদ্ধি কৰা হৈছে সময়সীমা। প্ৰ-পত্ৰ জমা দিয়াৰ পৰা বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা সংসদে পুনৰ খুলিব দৰ্পন ৱেব প’ৰ্টেল। অহা ২০ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ খুলিব এই প’ৰ্টেলটো। এই পৰ্টেলটোৰ যোগেদি বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানৰ খালী হৈ থকা আসনৰ বিপৰীতে আবেদন কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে শিক্ষা সংসদে।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাবে শিক্ষানুষ্ঠানসমূহে ২৩ আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে প্ৰস্তুত কৰিব প্ৰথমখন তালিকা। ২৫ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাত প্ৰকাশ পাব প্ৰথমখন ছাত্ৰ-ছাত্ৰীৰ বাছনি তালিকা। নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় বা মহাবিদ্যালয়ৰ বিপৰীতে এছ এম এছ যোগে লাভ কৰিব।

২৭ আৰু ২৮ ছেপ্টেম্বৰত প্ৰথমখন তালিকাৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব শিক্ষানুষ্ঠানসমূহে। নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে সলনি কৰিব পাৰিব বিষয়সমূহ।কিন্তু, আপলোড কৰিব লাগিব তথ্য। উল্লেখযোগ্য যে, দৰ্পন নামৰ ৱেব প’ৰ্টেলত যথেষ্ট অসুবিধা আৰু এইবাৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: September 12, 2021, 6:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি