• Home
  • »
  • News
  • »
  • assam
  • »
  • BJPত গুৰুত্বপূৰ্ণ নিযুক্তি ! উপ নিৰ্বাচনৰ পূৰ্বে পবিত্ৰ মাৰ্ঘেৰিটা, কিশোৰ উপাধ্যায়ক অতিৰিক্ত দায়িত্ব... 

BJPত গুৰুত্বপূৰ্ণ নিযুক্তি ! উপ নিৰ্বাচনৰ পূৰ্বে পবিত্ৰ মাৰ্ঘেৰিটা, কিশোৰ উপাধ্যায়ক অতিৰিক্ত দায়িত্ব... 

অসম প্ৰদেশ বিজেপিয়ে এইবাৰ চ'ছিয়েল মিডিয়াৰ ৰাজ্যিক প্ৰভাৰী হিচাপে নিযুক্তি দিছে দলটোৰ অন্যতম বাকপটু মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক ৷ , IT CELLৰ প্ৰভাৰীৰ দায়িত্ব দিছে কিশোৰ উপাধ্যায়ক।

অসম প্ৰদেশ বিজেপিয়ে এইবাৰ চ'ছিয়েল মিডিয়াৰ ৰাজ্যিক প্ৰভাৰী হিচাপে নিযুক্তি দিছে দলটোৰ অন্যতম বাকপটু মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক ৷ , IT CELLৰ প্ৰভাৰীৰ দায়িত্ব দিছে কিশোৰ উপাধ্যায়ক।

অসম প্ৰদেশ বিজেপিয়ে এইবাৰ চ'ছিয়েল মিডিয়াৰ ৰাজ্যিক প্ৰভাৰী হিচাপে নিযুক্তি দিছে দলটোৰ অন্যতম বাকপটু মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক ৷ , IT CELLৰ প্ৰভাৰীৰ দায়িত্ব দিছে কিশোৰ উপাধ্যায়ক।

  • Share this:
উপনিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দলটোৰ দুটা গুৰুত্বপূৰ্ণ বিভাগত নিযুক্তি দিছে দলটোৰ দুগৰাকী মুখপাত্ৰক ৷ আজিৰ প্ৰেক্ষাপটত অন্যতম ভূমিকা থকা চ'ছিয়েল মিডিয়া আৰু আই টি কোষৰ ভূমিকা যিকোনো এটা ৰাজনৈতিক দলে অগ্ৰাহ্য কৰি চলিব নোৱাৰে ৷

বিজেপিয়ে চ'ছিয়েল মিডিয়া আৰু আই টি কোষক সদায় গুৰুত্ব দি আহিছে ৷ ২০১৪চনৰ লোকসভা নিৰ্বাচনৰ পৰা এতিয়ালৈকে গেৰুৱা দল বিজেপিয়ে ভিন্ন সময়ত চ'ছিয়েল মিডিয়াৰ প্লেটফৰ্মখন দলৰ ভিন্ন কথা প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰি আহিছে ৷ অসম প্ৰদেশ বিজেপিয়েও পাৰ্যমানে ব্যৱহাৰ কৰি আহিছে আই টি CELL আৰু চ'ছিয়েল মিডিয়াৰ প্লেটফৰ্ম ৷ মাজে মাজে বিতৰ্কৰ আৱৰ্ততো সোমাইছে IT CELLৰ বাবে বিজেপি দলটোৱে ৷ অসম প্ৰদেশ বিজেপিয়ে এইবাৰ চ'ছিয়েল মিডিয়াৰ ৰাজ্যিক প্ৰভাৰী হিচাপে নিযুক্তি দিছে দলটোৰ অন্যতম বাকপটু মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক ৷ পবিত্ৰ মাৰ্ঘেৰিটাৰ ওপৰত অৰ্পণ কৰা এই নতুন দায়িত্বৰ লগতে মাৰ্ঘেৰিটাই বৰ্তমান দায়িত্ব নিৰ্বাহ কৰি আছে ৰাজ্যিক মুখপাত্ৰ আৰু উত্তৰ কামৰূপ জিলাৰ প্ৰভাৰী হিচাপে ৷ ইফালে বিজেপিৰ ৰাজ্যিক নেতৃত্বই কিশোৰ উপাধ্যায়ক দিছে বিজেপিৰ ৰাজ্যিক আই টি কোষৰ প্ৰভাৰীৰ দায়িত্ব ৷ উল্লেখ্য যে, কিশোৰ উপাধ্যায়কো দিয়া হৈছে এই অতিৰিক্ত দায়িত্ব ৷ কিয়নো, কিশোৰ উপাধ্যায় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ লগতে বিশ্বনাথ জিলা বিজেপিৰ প্ৰভাৰী ৷ দুয়োগৰাকী বিজেপি নেতাই এই নতুন দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব বুলি জানিবলৈ দিয়ে NEWS18ক ৷ দুয়োগৰাকীয়ে ক'লে,  "দলে আমাক আস্থা আৰু বিশ্বাসেৰে এই গুৰু দায়িত্ব দিছে আমি নিষ্ঠাৰে পালন কৰি যাম ৷ দলৰ সকলো কাৰ্যকৰ্তাৰ সহায় সহযোগ আমাৰ কাম্য ৷ দলৰ শীৰ্ষ নেতৃত্বক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ দলে আমাক এই পৰ্যন্ত যি দায়িত্ব দিছে আমি নিষ্ঠাৰে পালন কৰিছোঁ ৷ বিজেপিৰ নীতি আদৰ্শৰ মাজেৰে আমি কাম কৰি যাম ৷ চৰকাৰে কৰা ইতিবাচক কামবোৰ ৰাইজৰ মাজলৈ লৈ যাব লাগিব ৷ "
Published by:Kokil Sarma
First published: