মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati News: ACS স্বামীৰ গালত ACS পত্নীৰ চৰ! মাটিৰ দালালৰ লগত পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ স্বামীৰ

Guwahati News: ACS স্বামীৰ গালত ACS পত্নীৰ চৰ! মাটিৰ দালালৰ লগত পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ স্বামীৰ

পিছত  স্বামীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে উপস্থিত হয় মধুস্মিতা বৰাৰ ভাড়াঘৰত।

পিছত  স্বামীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে উপস্থিত হয় মধুস্মিতা বৰাৰ ভাড়াঘৰত।

পিছত  স্বামীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে উপস্থিত হয় মধুস্মিতা বৰাৰ ভাড়াঘৰত।

  • Share this:
ACS স্বামীৰ গালত ACS পত্নীৰ চৰ! দেওবাৰে পুৱাই গুৱাহাটী মহানগৰীৰ এটা ফ্লেটত উত্তপ্ত পৰিস্থিতি। পাৰিবাৰিক কন্দলে এনে ৰূপ পালেগৈ যে অৱশেষত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।

হোজাইৰ প্ৰাক্তন চক্ৰ বিষয়া তথা হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ উপ সচিব মধুস্মিতা বৰাৰ সৈতে এগৰাকী মাটিৰ দালালৰ অবৈধ সম্পৰ্কৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে তেওঁৰ স্বামী তথা বকোৰ চক্ৰ বিষয়া ৰাজ বৰুৱাই। আৰু দেওবাৰে উচ্চপদস্থ মহিলা বিষয়াগৰাকীক মহানগৰীৰ কাহিলীপাৰাৰ এটা এপাৰ্টমেন্টত হাতে-লোতে ধৰা পেলাই স্বামী চক্ৰ বিষয়া ৰাজ বৰুৱাই। আৰু তাৰ পিছতে স্বামীৰ গালত পচণ্ড চৰ সোধাই পত্নী মধুস্মিতা বৰাই।



পিছত  স্বামীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে উপস্থিত হয় মধুস্মিতা বৰাৰ ভাড়াঘৰত। তাৰ পিছতে সোধপোচৰ বাবে দালাল ধ্ৰুৱজ্যোতি শৰ্মা,স্বামী- স্ত্ৰীক দিছপুৰ থানালৈ লৈ যায় আৰক্ষীয়ে।

উল্লেখযোগ্য যে কৰ্মসূত্ৰে স্বামী থাকে বকোত,পত্নী থাকে গুৱাহাটীৰ ভাড়াঘৰত। ইপিনে মাটিৰ দালাল বুলি অভিযোগ উত্থাপন হোৱা ধ্ৰুৱজ্যোতি শর্মাৰ গাড়ীত উদ্ধাৰ হৈছে এখন সংবাদ মাধ্যমৰ প্ৰমাণ পত্ৰ। কিন্তু প্ৰমাণ পত্ৰখন অবৈধ ভাবে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

শেহতীয়া বাতৰি