• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Accident Case: দুই এদিনতে তাজ ভিভান্টাৰ বিৰুদ্ধে চূড়ান্ত সিদ্ধান্ত ল'ব প্ৰশাসনে

Guwahati Accident Case: দুই এদিনতে তাজ ভিভান্টাৰ বিৰুদ্ধে চূড়ান্ত সিদ্ধান্ত ল'ব প্ৰশাসনে

আনুষ্ঠানিকভাৱে এই ঘোষণা উপায়ুক্ত বিশ্বজিৎ পেগুৰ

আনুষ্ঠানিকভাৱে এই ঘোষণা উপায়ুক্ত বিশ্বজিৎ পেগুৰ

আনুষ্ঠানিকভাৱে এই ঘোষণা উপায়ুক্ত বিশ্বজিৎ পেগুৰ

  • Share this:

যোৱা ১ অক্টোবৰৰ নিশা হোটেল ভিভান্টাত হোৱা এটা পাৰ্টীৰ পৰা ওলাই আহি ৰাজপথত ৯জনকৈ লোকক মহটিয়াই নিয়া ঘটনাৰ পিছত  সমগ্ৰ ঘটনাই লৈছিল চাঞ্চল্যকৰ মোৰ ৷ সংবাদ মাধ্যম আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ হস্তক্ষেপৰ পিছতে ইয়াকে লৈ আৰম্ভ হৈছিল তদন্ত। ঘটনাৰ বাবে দায়ী ৰাজকন্যাৰ জে'লত পঠিওৱাৰ পৰা আদি কৰি জন্মদিনৰ পাৰ্টী দিয়া ব্যক্তিকো অনা হৈছিল আইনী প্ৰক্ৰিয়াৰ আওতালৈ।


ইয়াৰ পিছত হোটেল ভিভান্টাৰ CCTV VISUAL প্ৰশাসনৰ হাতত আহি পোৱাৰ পিছতে ওলাই পৰিছিল ভিভান্টাৰ মিথ্যাচাৰ, যাৰ বাবে জিলা উপায়ুক্তই এদিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে ভিভান্টা কৰ্তৃপক্ষক ৷ কিন্তু ভিভান্টা কৰ্তৃপক্ষই এসপ্তাহৰ অতিৰিক্ত সময় বিচাৰি আবেদন কৰাত মান্তি হয় উপায়ুক্ত ৷


সেই মৰ্মে এসপ্তাহত ভিভান্টাই দাখিল কৰে প্ৰতিবেদন ৷ ভিভান্টা কৰ্তৃপক্ষই দাখিল কৰা উত্তৰত সন্তুষ্ট হোৱা নাছিল উপায়ুক্ত ৷ পুনৰ ভিভান্টা কৰ্তৃপক্ষক সময় বান্ধি দিয়ে উপায়ুক্তই৷ কিন্তু আজি পৰ্যন্ত ভিভান্টাৰ উত্তৰ ৰাজহুৱা নোহোৱাত সোমবাৰে দুই এদিনতে ভিভান্টাৰ বিৰুদ্ধে  লোৱা চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা কৰা হ'ব বুলি ঘোষণা কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ ভিভান্টাৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ কথা দুই এদিনতে প্ৰশাসনে ৰাজহুৱা কৰিব।

Published by:Gautam Barman
First published: