Accident at Rangia : ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা। চুৰ্ণ-বিচুৰ্ণ হ'ল বাহন।

News18 Assam | News18-Assam
Updated:July 18, 2021, 1:41 PM IST
Accident at Rangia  : ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা। চুৰ্ণ-বিচুৰ্ণ হ'ল বাহন।
বঙাইগাঁওৰ পৰা ছুইফটখনে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত মৰাণজানাত দুৰ্ঘটনাত পতিত হয় ।

বঙাইগাঁওৰ পৰা ছুইফটখনে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত মৰাণজানাত দুৰ্ঘটনাত পতিত হয় ।

  • Share this:
ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা । ছুইফট আৰু টেম্পোৰ মুখামুখি দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এটি শিশুসহ পাঁচগৰাকী লোক।

বঙাইগাঁওৰ পৰা AS-01-BY-0564 নম্বৰৰ ছুইফটখনে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত মৰাণজানাত দুৰ্ঘটনাত পতিত হয় । এগৰাকী পথচাৰীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওতে নিয়ন্ত্ৰণ হেৰুৱাই ৰঙিয়া অভিমুখী AS-01-CC-8306 নম্বৰৰ টেম্পোখনৰ লগত মুখামুখি সংঘৰ্ষ হয় ছুইফটখনৰ । যাৰ ফলত দুয়োখন বাহনৰে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হয় ।

আহতসকলক স্থানীয় ৰাইজে ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় । পিছত তাৰ পৰা সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে চিকিৎসকে। আহতসকলৰ ভিতৰত এগৰাকী শিশুও আছে।
Published by: Manjumoni Borah
First published: July 18, 2021, 1:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি