নিশা পুৰণি শৰাইঘাট দলঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে, নিশা প্ৰায় ৭ বজাত AS01U1735 নম্বৰৰ আমিনগাঁও-জালুকবাৰী অভিমুখী এখন চাউল কঢ়িয়াই অনা ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত দলঙত বাগৰি পৰে চাউলভৰ্তি ট্ৰাকখন। উক্ত দুৰ্ঘটনাটোত সামান্য পৰিমাণে আহত হয় মন্তাজ আলী নামৰ ট্ৰাকখনৰ চালকজন।
এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই জালুকবাৰী যান–বাহন আৰক্ষী উপস্থিত হৈ আহত চালকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ আয়ুৰ্বেদিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, দুৰ্ঘটনাটোৰ পাছতে পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত পুৰণি শৰাইঘাট দলঙত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। অৱশেষত জালুকবাৰী যানবাহন আৰক্ষীয়ে নতুন শৰাইঘাট দলঙেৰে গাড়ীসমূহ যাবলৈ দি যান-জঁট নিয়ন্ত্ৰণ কৰে।
মন কৰিবলগীয়া কথা যে, দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন উদ্ধাৰৰ বাবে আৰক্ষীয়ে বহুসময় ধৰি চেষ্টা কৰিবলগীয়া হয়। বহু সময়জোৰা নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত আৰক্ষীয়ে ট্ৰাকখন আতঁৰাই আনিবলৈ সক্ষম হয়।