• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ আঠগাঁও কবৰস্থান মছজিদ ১৪ দিনৰ বাবে ছীলঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীৰ আঠগাঁও কবৰস্থান মছজিদ ১৪ দিনৰ বাবে ছীলঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ক্ৰমাত্‍ সুস্থ হৈ উঠিছে ৰাজ্যৰ কোৰোণাত আক্ৰান্ত ৫জন ৰোগী

ক্ৰমাত্‍ সুস্থ হৈ উঠিছে ৰাজ্যৰ কোৰোণাত আক্ৰান্ত ৫জন ৰোগী

ক্ৰমাত্‍ সুস্থ হৈ উঠিছে ৰাজ্যৰ কোৰোণাত আক্ৰান্ত ৫জন ৰোগী

  • Share this:
স্পেনিছ গাৰ্ডেনৰ পিছত গুৱাহাটীৰ আঠগাঁৱৰ কবৰস্থান মছজিদ অহা ১৪ দিনৰ বাবে ছীল কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। নিজামুদ্দিনৰ পৰা অহা ৰাজ্যৰ কোৰোণাত আক্ৰান্ত  ৰোগী আহিছিল এই মছজিদটোলৈ। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ উপৰিও ১০০ জন লোক লগ হৈ এখন বৈঠকতো মিলিত হৈছিল আঠগাঁৱৰ কবৰস্থান মছজিদত। ইতিমধ্যে মছজিদ কমিটিয়ে  ৫৮ লোকৰ তালিকা দিছে ৰাজ্য চৰকাৰক। তাৰে ৮ জনলোক জামাতৰ পৰা অহা। তাৰে তিনিজন লোক কোৰোণাত আক্ৰান্ত হৈছে। বাকী কেইজনক এতিয়া কোৱাৰেণ্টাইনত ৰখা হৈছে।

ইফালে ক্ৰমাত্‍ সুস্থ হৈ উঠিছে গুৱাহাটীৰ কোৰোণাত আক্ৰান্ত হোৱা মনীষ তীব্ৰেৱাল নামৰ লোকজন। ইতিমধ্যে ৮ আৰু ৯ তাৰিখৰ স্বাস্থ্য পৰীক্ষাত মনীষৰ দেহত কোৰোণা নিগেটিভ পোৱা গৈছে। কিন্তু তথাপিও কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি তেওঁ ১৪ দিনৰ পিছতহে ঘৰলৈ যাব পাৰিব।
Published by:Himangshu Bhuyan
First published: