আছুৰ প্ৰতিবাদী সমদলক বাধা আৰক্ষীৰ।
আছুৰ প্ৰতিবাদী সমদলক বাধা আৰক্ষীৰ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত আছুৰ প্ৰতিবাদ। আছুৰ প্ৰতিবাদী সমদলক বাধা আৰক্ষীৰ। হাতত তেলৰ বটল, চিলিণ্ডাৰ, পেট্ৰ'ল পাম্পৰ ফটোলৈ সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ গুৱাহাটী মহানগৰীৰ শ্বহীদ ন্যাসৰ সন্মুখত।
অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা পেট্ৰ' পন্য, জীৱনদায়িনী ঔষধৰ পৰা চিলিণ্ডাৰলৈ, অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যজুৰি আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদ সাব্যস্ত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় "সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মূল্যবৃদ্ধিৰ অত্যধিক বোজা জাপি দিছে চৰকাৰে। মূল্যবৃদ্ধি ৰোধ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব আছুৰ প্ৰতিবাদী কাৰ্যসূচী।"
সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ন্যাসৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ আছুৱে উলিয়াই প্ৰতিবাদী সমদল। কিন্তু আছুৰ প্ৰতিবাদী সমদলক বাধা দিয়ে আৰক্ষীয়ে। এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য "গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে কৰা আন্দোলনত চৰকাৰে বাধা প্ৰদান কৰিছে। কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা পেট্ৰ'ল, ডিজেল, চিলিণ্ডাৰ, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ উত্তৰ কোনে দিব? সকলোতে মূল্যবৃদ্ধিৰ জুই, দিল্লী আৰু দিছপুৰ আছে শুই।" প্ৰতিবাদী সমদলক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতে অতিৰিক্ত উপায়ুক্তৰ হাতত সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰে স্মাৰক পত্ৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|