Amulya Kakati Memorial Award: ২০০৭ বৰ্ষৰ পৰা আছুৱে প্ৰদান কৰি আহিছে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা।
Amulya Kakati Memorial Award: ২০০৭ বৰ্ষৰ পৰা আছুৱে প্ৰদান কৰি আহিছে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা।
নগাঁৱৰ নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰাক আজি আছুৱে প্ৰদান কৰে ২০২২ বৰ্ষৰ স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা। সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্র-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ উদ্যোগত গুৱাহাটী ছাত্র সন্থাই এই বঁটা প্ৰদান কৰি আহিছে। ২০০৭ বৰ্ষৰ পৰা আছুৱে প্ৰদান কৰি আহিছে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা।
মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বঁটা প্ৰদান অনুষ্ঠান ৷ নগাঁৱত নীৰৱে নাট্য সাধনা কৰি অহা শিল্পী গৰাকীক প্ৰদান কৰা হয় এই বঁটা ৷ শিল্পীগৰাকীক বঁটা প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা, ভাস্কৰ্য শিল্পী বীৰেন সিংহও আৰু অভিনেত্ৰী চেতনা দাস ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|