তীব্ৰবেগী বাহনৰ গতিবেগ নিৰ্ণয় কৰিবলৈ ৰাজ্যত পুনৰ সংযোজন ঘটিল ৯ ইণ্টাৰচেপ্টৰ (Interceptor Van) বাহন ৷ পূৰ্বে ১৪ জিলাত বিতৰণ কৰা হৈছিল ইণ্টাৰচেপ্টৰ বাহন ৷ পূৰ্বৰ সংখ্যাৰ সৈতে ৰাজ্যত এতিয়া মুঠ ইণ্টাৰচেপ্টৰ বাহনৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি পালে৷
মঙ্গলবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ চৌহদত মুকলি কৰা হয় ইণ্টাৰচেপ্টৰ বাহনকেইখন ৷ ৰাজ্যত দুর্ঘটনা ৰোধ কৰাৰ বাবে পৰিবহণ বিভাগৰ এয়া বিশেষ ব্যৱস্থা ৷ খানাপাৰাৰ ষ্টাফ কলেজত ট্ৰেফিক ইণ্টাৰচেপ্টৰ বাহনসমূহ মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandramohan Patowary)!
উল্লেখ্য যে ইয়াৰ পূৰ্বে ইণ্টাৰচেপ্টৰৰ জৰিয়তে বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে যি স্পীড লিমিট (Speed Limit on Road) নিৰ্ধাৰণ কৰি দিছিল তাকে লৈ ৰাজ্যবাসীৰ মনত তীব্ৰ ক্ষোভৰ উদ্গীৰণ হৈছিল। তাৰ পিছতে এই স্পীড লিমিট উলংঘা কৰাৰ বাবে জৰিমনা বিহা কাৰ্য কিছুদিনলৈ বন্ধ আছিল। এতিয়া নতুনকৈ আৰু ৯খন ইণ্টাৰচেপ্টৰ মুকলি কৰাৰ পিছত আকৌ যে চালান কাটিবলৈ চৰকাৰ সাজু হৈছে সেয়া স্পষ্ট হৈ পৰিছে। পিছে পূৰ্বৰ লিমিটেই বাহাল থাকিব নে নতুন লিমিট ঘোষণা কৰা হ'ব সেয়া স্পষ্ট হোৱা নাই।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
এই ট্ৰেফিক ইণ্টাৰচেপ্টৰ মুকলি অনুষ্ঠআনত সকলোকে বাহনৰ সৰ্বোচ্চ গতি সীমা মানি চলিবলৈও মন্ত্ৰী পাটোৱাৰীয়ে আহ্বান জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|