আজি বিয়লি নগেন মেচ, দীপাংকৰ বৰা আৰু ৰামজী চৌহানকো GMCHলৈ স্নানান্তৰ কৰা হয়।
আজি বিয়লি নগেন মেচ, দীপাংকৰ বৰা আৰু ৰামজী চৌহানকো GMCHলৈ স্নানান্তৰ কৰা হয়।
মিজোৰাম সীমান্তৱৰ্তী কাছাৰ জিলাৰ লাইলাপুলত সোমবাৰে মিজোৰামৰ ফালৰ পৰা সংঘটিত গুলীচালনাৰ ঘটনাত আহত অসম আৰক্ষীৰ পাঁচগৰাকী বীৰ জোৱানক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত শিলচৰৰ পৰা এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ আনি GMCHত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ মাজৰে দুগৰাকী গোপেশ্বৰ সিনহা আৰু অচিত কান্তি দাসক যোৱা নিশাই GMCHত ভৰ্তি কৰোৱাৰ পাছত আজি বিয়লি নগেন মেচ, দীপাংকৰ বৰা আৰু ৰামজী চৌহানকো GMCHলৈ স্নানান্তৰ কৰা হয়। GMCHত ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁলোকৰ জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে দুজনৰ অস্ত্ৰোপচাৰ কৰোৱা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰীয়ে।
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি GMCHলৈ গৈ মিজোৰাম সীমান্তত আহত অসম আৰক্ষীৰ জোৱানকেইগৰাকীৰ চিকিৎসাৰ বুজ লোৱাৰ লগতে যোৱা নিশাই চিকিৎসালয়খনত ভৰ্তি কৰা গোপেশ্বৰ সিনহা আৰু অচিত কান্তি দাসক দেখা কৰি দুয়োগৰাকী আহত জোৱানৰ খবৰ লয়। মিজোৰাম সীমান্তৰ গুলীচালনাৰ ঘটনাত আহত অসম আৰক্ষীৰ বিষয়া-জোৱানসকলৰ সাহস আৰু কৰ্তব্যনিষ্ঠাৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ দ্ৰুত আশু আৰোগ্য কামনা কৰে।
চিকিৎসাধীন আহত জোৱান দুগৰাকীক দেখা কৰাৰ সময়ত স্বাস্থ্যমন্ত্ৰীৰ সৈতে আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু জিএমচিএইছৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|