মুখ্যপৃষ্ঠা » খবৰ

» অসম

»এটা বছৰতে অসমত ৰুজু ৩ হাজাৰটা চাইবাৰ অপৰাধৰ গোচৰ

এটা বছৰতে অসমত ৰুজু ৩ হাজাৰটা চাইবাৰ অপৰাধৰ গোচৰ

News18 Assam | News18-Assam
Updated:September 3, 2021, 7:18 PM IST
এটা বছৰতে অসমত ৰুজু ৩ হাজাৰটা চাইবাৰ অপৰাধৰ গোচৰ
চাইবাৰ অপৰাধীয়ে অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা Darknet অথবা darkwave মূৰৰ কামোৰণি হিচাপে চিহ্নিত হৈ আহিছে অসম আৰক্ষীৰ বাবে।

চাইবাৰ অপৰাধীয়ে অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা Darknet অথবা darkwave মূৰৰ কামোৰণি হিচাপে চিহ্নিত হৈ আহিছে অসম আৰক্ষীৰ বাবে।

  • Share this:
যোৱা কেইটামান বছৰৰ ভিতৰতে অসম তথা উত্তৰ–পূৰ্বাঞ্চল চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰিছে। কেৱল অসমতে যোৱা এটা বছৰত চাইবাৰ অপৰাধৰ ৩ হাজাৰতকৈ অধিক গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত অসম আৰক্ষীৰ উদ্যোগত আঞ্চলিক চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ বিশেষ কৰ্মশালাৰ আয়োজন কৰা হয়৷ য’ত উত্তৰ–পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ চাইবাৰ অপৰাধ শাখাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে মত বিনিময় কৰে অসম আৰক্ষীৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই৷

উল্লেখ্য যে চাইবাৰ অপৰাধীয়ে অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা Darknet অথবা darkwave মূৰৰ কামোৰণি হিচাপে চিহ্নিত হৈ আহিছে অসম আৰক্ষীৰ বাবে। এই darknet অথবা darkwave ব্যৱহাৰ কৰা চাইবাৰ অপৰাধীয়ে কুকার্য সংঘটিত কৰিলে অপৰাধ ৰোধ কৰাটো কঠিন হৈ পৰে। এইক্ষেত্ৰত প্ৰয়োজনীয় গৱেষণা অব্যাহত আছে বুলি প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।

উল্লেখযোগ্য যে অসম তথা উত্তৰ–পূৰ্বাঞ্চলত চাইবাৰ অপৰাধৰ কাৰ্যকলাপক লৈ তৎপৰ আটাইকেইখন ৰাজ্য। এই চাইবাৰ অপৰাধক নিৰ্মূল কৰাৰ ক্ষেত্ৰত সন্মিলিতভাৱে কাম কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। যাৰ বাবে এনেদৰে শুকুৰবাৰে অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত যৌথভাৱে সন্মিলিত হ’ল কৰ্মশালাত৷
Published by: Sanjay Kumar Das
First published: September 3, 2021, 7:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি