মুখ্যপৃষ্ঠা » খবৰ

» অসম

»APCC in Turmoil : প্ৰদেশ কংগ্ৰেছত আলোড়ন, ২১২ জন কংগ্রেছীক কাৰণ দৰ্শোৱাৰ জাননী, তালিকাৰ শীৰ্ষত প্ৰাক্তন মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ নাম

APCC in Turmoil : প্ৰদেশ কংগ্ৰেছত আলোড়ন, ২১২ জন কংগ্রেছীক কাৰণ দৰ্শোৱাৰ জাননী, তালিকাৰ শীৰ্ষত প্ৰাক্তন মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ নাম

News18 Assam | News18-Assam
Updated:September 23, 2021, 3:07 PM IST
APCC in Turmoil : প্ৰদেশ কংগ্ৰেছত আলোড়ন, ২১২ জন কংগ্রেছীক কাৰণ দৰ্শোৱাৰ জাননী, তালিকাৰ শীৰ্ষত প্ৰাক্তন মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ নাম
file image

APCC in Turmoil : কাৰণ দৰ্সোৱাৰ জাননী কংগ্ৰেছ (Congress)ৰ প্ৰাক্তন মন্ত্ৰী, বিধায়ক, সাংসদলৈও। বিধানসভা নিৰ্বাচন (Assembly Election)ত দল বিৰোধী কাৰ্য্যকলাপ (Anti Party Activities)ত  জড়িত থকাৰ অভিযোগ।

  • News18 Assam
  • Last Updated: September 23, 2021, 3:07 PM IST
  • Share this:
যোৱা বিধানসভা নিৰ্বাচন (Assembly Election)ত ভাৰতীয় জাতীয় কংগ্ৰেছ (Indian National Congress)ৰ মনোনীত  প্ৰাৰ্থীৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ  প্ৰাৰ্থীক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় আৰু সমৰ্থন কৰি দল বিৰোধী কাৰ্য্যকলাপ (Anti Party Activities)ত  জড়িত দলৰ প্ৰায় ২১২ জন সদস্যৰ বিৰুদ্ধে অভিযোগ পোৱা গৈছে। প্ৰায় ১৫খন জিলা কংগ্ৰেছ কমিটিয়ে  এই অভিযোগ সমূহ অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ ওচৰত দাখিল কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই অভিযোগসমূহ পৰীক্ষা কৰিবলৈ  এখন তদন্ত কমিটী গঠন কৰি দিছিল। এই তদন্ত কমিটীয়ে  এই অভিযোগসমূহ পৰীক্ষা কৰে আৰু যিসকল সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰ বিৰুদ্ধে জাননী  জাৰি কৰিবলৈ (Show Cause Notice ) সিদ্ধান্ত গ্ৰহণ কৰে।

অভিযুক্ত  কংগ্ৰেছ সদস্যসকলে আত্মপক্ষ  সমৰ্থন কৰি ১৫ দিনৰ ভিতৰত স্পষ্টীকৰণ দিব লাগিব। অভিযোগসমূহৰ প্ৰতিলিপি লগত গাঠি দিয়া হ'ব ।কাৰণ দৰ্শোৱাৰ জাননী দিয়া সকলৰ মাজত আছে প্ৰাক্তন বিধায়ক, মন্ত্ৰী, সাংসদো।

আটাইকেইখন জিলাৰ পৰা মুঠ ২১২ জনৰ বিৰুদ্ধে অভিযোগৰ উত্থাপন হৈছে । ইয়াৰ ভিতৰত লক্ষীমপুৰ ৫১টা, কৰিমগঞ্জত ২৯টা, ধুবুৰীত ২৬টা, তিনিচুকীয়া জিলাত ২৫টা,  কামৰূপ মহানগৰত ১৯টা, ডিব্ৰুগড়ত ১২টা, হোজাইত ৮টা, চৰাইদেউত ৮টা,  শোণিতপুৰ জিলাত ৮টা, বিশ্বনাথত ২টা, কামৰূপত ২টা, নগাঁৱত ৫টা,  হাইলাকান্দিত ৫টা, বঙাইগাঁৱত ৪টা আৰু কাৰ্বি আংলং ৮টা অভিযোগ পোৱা গৈছে।
Published by: Manjumoni Borah
First published: September 23, 2021, 3:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি