ৰাজ্যত সঘনাই সংঘটিত হয় মোবাইল চুৰি কাৰ্য্য। মোবাইল ফোন হেৰালে অথবা চুৰি হ'লেও এতিয়া আৰু চিন্তা নাই। আপোনাৰ মোবাইল চুৰি নাইবা অন্য ব্যক্তিৰ হাত লাগিলে বাজি উঠিব চাইৰেন। চোৰৰ ফটো পৰ্যন্ত সংগ্ৰহ কৰিব পাৰিব আপুনি। কিন্তু কেনেকৈ সম্ভৱ হ'ব?
গুৱাহাটী মহানগৰীৰ দুই যুৱকৰ ব্যতিক্ৰমী সৃষ্টি। আজাৰ হাটখোৱাপাৰাৰ জুন আৰু ছাজ্জাদ নামৰ যুৱক দুজনে সাজি উলিয়ালে নতুন আৰু উন্নত বিভিন্ন উপাদান সমৃদ্ধ এক সুকীয়া মোবাইল এপ । যাৰদ্বাৰা আপুনি এতিয়া নিঃচিন্ত হৈ থাকিব পাৰিব মোবাইল চোৰৰ পৰা। RACE TO SAFETY চমুকৈ RTS নামৰ এই apps টো আপুনি ব্যৱহাৰ কৰিলে চুৰি নহয় আপোনাৰ মোবাইল কিয়নো চোৰ বা অন্যৰ হাত লাগিলে বাজি উঠিব চাইৰেন। চোৰে ব্যৱহাৰ কৰিব বিচাৰিলে ক্লিক হ'ব ফটো আৰু দেখা পাব ফোনৰ লোকেশ্যন।
যিকোনো এটা মোবাইলৰ পৰা আপোনাৰ নম্বৰলৈ এটা বাৰ্তা পঠিয়ালেই আপুনি পাব সকলো তথ্য। এয়াই নহয় আন এটা বাৰ্তা পঠালে আপোনাৰ চুৰি হোৱা অথবা হেৰুৱা ফোনৰ পৰা ফোন আহিব আপুনি দিয়া ৰেফাৰেঞ্চ নম্বৰটিলে।
আনকি এই RTS এপ অন ৰাখিলে ৰাজহুৱা স্থানত আপোনাৰ পকেটত থোৱা মোবাইল কোনো ব্যক্তিয়ে পকেটৰ পৰা চুৰি কৰিব বিচাৰিলে বাজি উঠিব চাইৰেন। যাৰ ফলত আপুনি হাতে লোটে ধৰিব পাৰিব চোৰক।
গুগল প্লে ষ্টোৰত উপলব্ধ এই এপৰ এবছৰৰ মূল্য মাত্ৰ ৫৯৯ টকা। এই বিশেষ এপৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে 9394157975 আৰু 9394157976 নম্বৰত যোগাযোগ কৰিব পাৰিব । আনহাতে এই এপ ব্যৱহাৰ কৰি বহু লোক উপকৃত হোৱা দেখা গৈছে।