• Home
  • »
  • News
  • »
  • assam
  • »
  • APDCL Appointment Scam : টকা দি চাকৰি ল'ব বিচৰাসকলৰ বাবে বিপদ বাঢ়িছে, APDCL নিযুক্তি কেলেংকাৰীত ১৫ পৰীক্ষাৰ্থীক জেৰা CM ভিজিলেন্সেৰ

APDCL Appointment Scam : টকা দি চাকৰি ল'ব বিচৰাসকলৰ বাবে বিপদ বাঢ়িছে, APDCL নিযুক্তি কেলেংকাৰীত ১৫ পৰীক্ষাৰ্থীক জেৰা CM ভিজিলেন্সেৰ

APDCL Appointment Scam : CM ভিজিলেন্সে জেৰাৰ বাবে প্ৰথম অৱস্থাত ১২৪ জন প্ৰাথীলৈ প্ৰেৰণ কৰিছে চমন ৷ তালিকাত আৰু বহুতৰ নাম আছে।

  • Share this:
APDCLৰ নিযুক্তি কেলেংকাৰীয়ে হাহাকাৰ লগাইছে ৰাজ্যত ৷ টকাৰ বিনিময়ত চাকৰিৰ বজাৰ খুলিবলৈ গৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ জালত পৰিছে এজনৰ পাছত আনজন বিষয়া, কৰ্মচাৰী ৷ এইবাৰ এই কেলেংকাৰীত জড়িত চাকৰিৰ প্ৰাৰ্থী পৰিব পাৰে বিভাগটোৰ জালত ৷

ইতিমধ্যে এক দীঘলীয়া তালিকা প্ৰস্তুত কৰি উলিয়াইছে চি এম ভিজিলেন্সে ৷ সেই অনুসৰি শীঘ্ৰে জেৰাৰ বাবে প্ৰথম অৱস্থাত ১২৪জন প্ৰাথীলৈ প্ৰেৰণ কৰিছে চমন ৷ সেই তালিকাৰ ভিত্তিত সোমবাৰে পুৱাই CM Vigilanceৰ কাৰ্যালয়ত উপস্থিত হ'ল ১৫ জনকৈ প্ৰাথী ৷ প্ৰতিজন প্ৰাথীকে সুকীয়া সুকীয়া কৈ কৰা হ'ল সোধা-পোছা ৷

ইতিমধ্য গ্ৰেপ্তাৰ হোৱা OSD দিপাংকৰ দিহিঙীয়াৰে যোগাযোগ কৰাৰ তথ্য লাভ কৰিছিল এই সকল প্ৰাৰ্থীৰ বিৰুদ্ধে ৷  আজিৰে পৰা পৰ্যায়ক্ৰমে CM Vigilanceয়ে  ধন দি চাকৰি ল'ব খোজা প্ৰাথীসকলক সোধা-পোছা কৰিব ৷ যদিহে ধন দিয়াৰ উপযুক্ত তথ্য প্ৰমাণ লাভ কৰে তেন্তে সেইসকল প্ৰাৰ্থীকো গ্ৰেপ্তাৰ কৰিব CM Vigilanceয়ে ৷
Published by:Manjumoni Borah
First published: