• Home
  • »
  • News
  • »
  • assam
  • »
  • গাখীৰ খুৱাই ঘৰতে পুহিছিল সাপ! নিজৰ জেঠায়েকৰ পুতেকেই পটাগুটিৰে মৰিয়াই হত্যা কৰিলে ডিম্পলক

গাখীৰ খুৱাই ঘৰতে পুহিছিল সাপ! নিজৰ জেঠায়েকৰ পুতেকেই পটাগুটিৰে মৰিয়াই হত্যা কৰিলে ডিম্পলক

অৱশেষত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ উজান বজাৰৰ কিশোৰী  হত্যাকাৰী।

অৱশেষত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ উজান বজাৰৰ কিশোৰী  হত্যাকাৰী।

অৱশেষত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ উজান বজাৰৰ কিশোৰী  হত্যাকাৰী।

  • Share this:
অৱশেষত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ উজান বজাৰৰ কিশোৰী  হত্যাকাৰী। ডিম্পলক হত্যা কৰিছিল নিজৰে জেঠায়েকৰ পুতেকে। অৱশেষত সম্পৰ্কীয় ককায়েকজনে এই কথা স্বীকাৰ কৰিলে আৰক্ষীৰ আগত।

প্ৰথমে কিশোৰীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল সম্পৰ্কীয় ককায়েকজন। আৰু খঙৰ ভমকত কুকাৰ, পটাগুটি আৰু ছুৰীৰে আঘাত কৰিছিল ডিম্পলক ৷ তাৰ পিছতে ডিম্পলৰ মোবাইল ফোনটো লৈ সেই স্থানৰ পৰা পলায়ন কৰে ৷ আজি বাৰোৱাৰীৰ এজন বন্ধুৰ ঘৰত লুকুৱাই থোৱা মোবাইলটো উদ্ধাৰ কৰিছে  আৰক্ষীয়ে।

উল্লেখ্য যে, উজানবজাৰৰ ঘটনাত এই পৰ্যন্ত আটক কৰা হৈছে তিনিজনক ৷ তাৰে ডিম্পলৰ সম্পৰ্কীয় ককায়েকে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। আন দুজনৰ এজন কিশোৰীগৰাকীৰ ভাড়াতীয়া ঘৰৰ চুবুৰীয়া আৰু তৃতীয়জন হত্যাকাৰী ককায়েকৰ বন্ধু। সম্পৰ্কীয় ককায়েকে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰাৰ প্ৰায় এমাহৰ পৰা  বাস কৰিছিল দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে ৷ আন দিনাৰ দৰে সেইদিনাও কিশোৰী ডিম্পলৰ লগত আছিল ককায়েক ৷

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ডিচিপি ৰাজবীৰ সিঙে কয়, "আমি তেওঁক জিম্মাত লৈছো। তেওঁ মৃত ডিম্পলৰ সম্পৰ্কীয় ভাই। আমাৰ জেৰাৰ সময়ত, ল’ৰাজনে স্বীকাৰ কৰিছে যে তেওঁ ডিম্পলক এটা বিবাদৰ বাবে হত্যা কৰিছিল। পিছত, অভিযুক্তজনে তাইৰ মোবাইল ফোনৰ পৰা চিম কাৰ্ডখন আঁতৰাই বাৰোৱাৰী অঞ্চলত থকা তেওঁৰ বন্ধুৰ ঘৰত লুকুৱাই ৰাখিছিল।"

বাদ–বিবাদৰ পৰা গৈ কেনেকৈ ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হ’ল আৰক্ষীয়ে জনায়।

"ডিম্পল এটা সময়ত তেতিয়া অজ্ঞান হৈ পৰিছিল তেতিয়া ল’ৰাজনে তাইক চুৰিকাঘাত কৰিছিল পিঠিত।" ডিচিপিজনে কয়।

ইতিমধ্যে, হত্যাকাৰী ককায়েকক লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০২ ধাৰাৰ অধীনত ৩০৩/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।
Published by:Himangshu Bhuyan
First published: