
অহা ২ আগষ্টলৈকে গুৱাহাটীত বাহাল থাকিব আনল’ক ১।
অহা ২ আগষ্টলৈকে গুৱাহাটীত বাহাল থাকিব আনল’ক ১।
তিনি সপ্তাহৰ সম্পূৰ্ণ ল’ক ডাউনৰ পিছত সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আনল’ক ১। আনল’ক ১ত বহু ক্ষেত্ৰত থাকিব শিথিলতা। শণিবাৰে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰে এখন বিশেষ গাইডলাইন। যদিও বহু ক্ষেত্ৰত শিথিলতা থাকিব, তথাপিও আনল’ক ১ৰ সময়ত বন্ধ থাকিব ব্যক্তিগত বাহনৰ চলাচল। সেইদৰে সোমবাৰ আৰু মঙলবাৰৰ দিনটোতহে আন্তঃজিলা যাতায়তৰ সুবিধা দিছে চৰাকাৰে। পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত আকৌ বুধবাৰৰ পৰা সম্পূ্ৰ্ণ ৰূপে বন্ধ থাকিব আন্তঃজিলা যাতায়াত। অহা ২ আগষ্টলৈকে গুৱাহাটীত বাহাল থাকিব আনল’ক ১।
কি আছে গাইড লাইনত?
- কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আনল’ক ১ ত ব্যক্তিগত বাহন চলাচল সম্পূৰ্ণ ৰূপে নিষিদ্ধ। স্বাস্থ্যজনীত কাৰণত ব্যৱহাৰ কৰিব পাৰিব ব্যক্তিগত বাহন। লগতে চাকৰী সংক্ৰান্তীয় কাৰণত ব্যৱহাৰ কৰিব পাৰিব ব্যক্তিগত বাহন।
- সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব সকলো দোকান। খোলা থাকিব সুৰাৰ বিপণী।
- বন্ধ থাকিব জিম, চিনেমা হল, শ্বপিং মল, শিক্ষানুষ্ঠান।
- ৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়। সকলোতে কোৰোণা পৰীক্ষা কৰিব লাগিব।
- সকলো নিৰ্মাণ কাৰ্য কৰিব পাৰিব, মালিকসকলে নিৰ্মাণ কাৰ্যকলাপ চলি থকা স্থানত শ্ৰমিকক ৰাখিব পাৰিব ৷
- সপ্তাহৰ আটাইকেইটা দিনতে গাখীৰ, শিশু খাদ্য পোৱা যাব।
- পাৰ্লাৰৰ,চেলুন চুলি কটাৰ বাবে খুলিব পাৰিব ৷
- কেব, অটো, ৰিক্সা চলাব পাৰিব ৷ কিন্তু চেনিটাইজাৰ, থাৰ্মমিটাৰ ৰাখিব লাগিব ৷ কিন্তু বন্ধ থাকিব ই-ৰিক্সা।
- সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে অব্যাহত থাকিব।
- চিটিবাছ বন্ধ থাকিব।
- হোটেল ৰেষ্টুৰেণ্ট সমূহে হোম ডেলিভাৰী কৰিব পাৰিব ৷
- E-commerce সমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ডেলিভাৰী কৰিব পাৰিব।
- সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত কৰিব পাৰিব। কিন্তু বুধবাৰৰ পৰা বন্ধ হ’ব এই সেৱা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|