শীঘ্ৰে নাপায় গৰমৰ পৰা সকাহ।
আগষ্ট মাহৰ বুধবাৰ দিনটোত তাপমানে সৰ্বোচ্চ অভিলেখ ভংগ কৰিলে যোৱা সোমবাৰৰ তাপমানৰ। বুধবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৮.৬ ডিগ্ৰী চেলচিয়াছ । বুধবাৰে অসমৰ জিলা সমূহৰ ভিতৰত সৰ্বাধিক তাপমান আছিল গুৱাহাটীত।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানে সদৰী কৰা অনুসৰি আজিৰ দিনটোত গুৱাহাটীৰ তাপমান ৩৮.৬ ডিগ্ৰী চেলচিয়াছ , ডিব্ৰুগড়ত ৩৫ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ৩৬ ডিগ্ৰী চেলচিয়াছ, শিলচৰত ৩৭.৪ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ৩৩.৪ ডিগ্ৰী চেলচিয়াছ, যোৰহাটত ৩৪.৭ আৰু উত্তৰ লখিমপুৰত ৩৫.৬ ডিগ্ৰী চেলচিয়াছ আছিল সৰ্বোচ্ছ তাপমান।
বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে বৰষুণৰ সম্ভাৱনা এইকেইদিনত ক্ষীণ গতিকে গৰমৰ পৰা সহজে পৰিত্ৰাণ পোৱা সম্ভৱ নহ’ব গুৱাহাটীত।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|