• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰকাৰী নিৰ্দেশনা ভৰিৰে মোহাৰি অসাধু ব্যৱসায়ীয়ে চলাইছে নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া বেহা, হাজোত এজনক আটক

চৰকাৰী নিৰ্দেশনা ভৰিৰে মোহাৰি অসাধু ব্যৱসায়ীয়ে চলাইছে নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া বেহা, হাজোত এজনক আটক

লকডাউনত সময়ছোৱাত সম্পূৰ্ণৰূপে বন্ধ আছে গুটখাৰ বিক্ৰী আৰু সৰবৰাহ।

লকডাউনত সময়ছোৱাত সম্পূৰ্ণৰূপে বন্ধ আছে গুটখাৰ বিক্ৰী আৰু সৰবৰাহ।

লকডাউনত সময়ছোৱাত সম্পূৰ্ণৰূপে বন্ধ আছে গুটখাৰ বিক্ৰী আৰু সৰবৰাহ।

  • Share this:
দেশজুৰি লকডাউনৰ মাজতে হাজোৰ ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত গুটখাৰ চোৰাং সৰবৰাহ আৰু বিক্ৰী। হাজোৰ লগতে সমগ্ৰ কামৰূপ জিলাতে তিনি–চাৰিগুণ দামত বিক্ৰী হৈছে গুটখাৰ লগতে বিভিন্ন পাণ মছলাজাতীয় সামগ্ৰী। লকডাউনত সময়ছোৱাত সম্পূৰ্ণৰূপে বন্ধ আছে গুটখাৰ বিক্ৰী আৰু সৰবৰাহ। তাৰ মাজতে একাংশ লোকে চোৰাংভাৱে চলাই আছে এই বেহা।

হাজোৰ দামপুৰত আৰক্ষীৰ অভিযানত জব্দ হৈছে লক্ষাধিক টকাৰ গুটখাৰ লগতে পাণ মছলা। বচুৰুদ্দিন আলী নামৰ গুটখা ব্যৱসায়ীজনৰ গেলামাল দোকানৰ গুদামৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ অবৈধভাবে মজুত কৰি ৰখা গুটখা আৰু পাণ মছলাখিনি। লগতে আৰক্ষীয়ে আটক কৰিছে বচুৰুদ্দিন আলীক। এনেকৈয়ে লকডাউনৰ সময়ছোৱাত গুটখা ব্যৱসায়ীয়ে চলাইছে গুটখাৰ ৰমৰমীয়া ব্যৱসায়।
First published: