অৱশেষত উৰণীয়া সেতুৰ দেৱালৰ পৰা গুৰু আসনৰ প্ৰতিচ্ছবি উঠাই দিলে ৰাজ্য চৰকাৰে

News18 Assam | News18-Assam
Updated:October 23, 2020, 3:59 PM IST
অৱশেষত উৰণীয়া সেতুৰ দেৱালৰ পৰা গুৰু আসনৰ প্ৰতিচ্ছবি উঠাই দিলে ৰাজ্য চৰকাৰে
জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ প্ৰতি সন্মান জনাই অৱশেষত ২৪ ঘণ্টাৰ ভিতৰতে গুৰু আসনৰ প্ৰতিচ্ছবি দেৱালৰ পৰা উঠাই দিয়ে ৰাজ্য চৰকাৰে।

জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ প্ৰতি সন্মান জনাই অৱশেষত ২৪ ঘণ্টাৰ ভিতৰতে গুৰু আসনৰ প্ৰতিচ্ছবি দেৱালৰ পৰা উঠাই দিয়ে ৰাজ্য চৰকাৰে।

  • Share this:
অৱশেষত গণেশগুৰিৰ উৰণীয়া সেতুৰ দেৱালৰ পৰা গুৰু আসনৰ প্ৰতিচ্ছবি উঠাই দিলে ৰাজ্য চৰকাৰে। কলাগুৰু বিষ্ণু ৰাভাৰ নামত থকা গণেশগুৰিৰ উৰণীয়া সেতুৰ উত্তৰ দিশে আৰ জি বৰুৱা পথৰ সংযোগী উৰণীয়া সেতুৰ দেৱালত বিভিন্ন ছবি অংকনৰ লগতে গুৰু আসনখনো অংকন কৰিছিল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংযোগী উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে সেই গুৰু আসনৰ অংকনক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ প্ৰতি সন্মান জনাই অৱশেষত ২৪ ঘণ্টাৰ ভিতৰতে গুৰু আসনৰ প্ৰতিচ্ছবি দেৱালৰ পৰা উঠাই দিয়ে ৰাজ্য চৰকাৰে।
Published by: Sanjay Kumar Das
First published: October 23, 2020, 3:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading