বুধবাৰে মুছলপুৰৰ নিকাছিত অনুষ্ঠিত হোৱা অসম গোৰ্খা সন্মিলনৰ ২৭ তম ত্ৰি বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গোৰ্খাসকল অসমৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰে ৷
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, 'অসমৰ জাতীয় জীৱনত গোৰ্খাসকলৰ অৱদান অতুলনীয় ৷ প্ৰাচীন কালৰে পৰা অসমত গোৰ্খাসকলে বসবাস কৰি আহিছে ৷ গোৰ্খাসকলে স্বাধীনতা আন্দোলনত অংশ লৈ দেশপ্ৰেম আৰু জাতীয়প্ৰেমৰ পৰিচয় দি আহিছে ৷' মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহতো গোৰ্খাসকলে জড়িত আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷
ইফালে নেপালীসকলক বিদেশী বুলি গণ্য নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে নেপালীসকলক জাতিগত প্ৰমাণপত্ৰ দিবলৈ চৰকাৰী বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷
আনহাতে আৰক্ষীকো সতৰ্ক কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে, 'ডি ভোটাৰৰ নামত অযথা হাৰাশাস্তি নকৰিব ৷ অসমীয়া ভাষীসকলৰ সমান্তৰালকৈ গোৰ্খাসকলক মৰ্যাদা প্ৰদান কৰা হৈছে ৷ নেপালী ভাষী ছাত্ৰ- ছাত্ৰীসকলে নৱম শ্ৰেণীতে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰিব।'