• Home
  • »
  • News
  • »
  • assam
  • »
  • ''অসমৰ ছোৱালীয়ে হাতত বন্দুক লৈ ম্যানমাৰলৈ যাব পাৰে, কিন্তু কিয় ঘৰত তাঁতশাল বব নোৱাৰেঃ মুখ্যমন্ত্ৰী

''অসমৰ ছোৱালীয়ে হাতত বন্দুক লৈ ম্যানমাৰলৈ যাব পাৰে, কিন্তু কিয় ঘৰত তাঁতশাল বব নোৱাৰেঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে কয়- অসমত এতিয়া আলফা স্বাধীন আৰু KLO বাদ দি অসমত উগ্ৰপন্থী সংগঠন নাইকিয়া হ'ল ৷

মুখ্যমন্ত্ৰীয়ে কয়- অসমত এতিয়া আলফা স্বাধীন আৰু KLO বাদ দি অসমত উগ্ৰপন্থী সংগঠন নাইকিয়া হ'ল ৷

মুখ্যমন্ত্ৰীয়ে কয়- অসমত এতিয়া আলফা স্বাধীন আৰু KLO বাদ দি অসমত উগ্ৰপন্থী সংগঠন নাইকিয়া হ'ল ৷

  • Share this:
অসমত ক্ৰমশঃ শেষ হ'বলৈ ধৰিছে উগ্ৰপন্থীৰ সমস্যা ৷ আজি Tiwa Liberation Army আৰু United Gorkha People's Organisation ৰ ক্ৰমে ৭৭ আৰু  ১৬৯ গৰাকীয়ে অস্ত্ৰ সম্বৰণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত (Gurkha & Tiwa militant groups UGPO & TLA laid down arms )৷ অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ লগতে পূৰ্বে অস্ত্ৰ সম্বৰণ কৰা RNLF, ADF, NSLA , NLFB আৰু UPRF ৰ মুঠ ৪৬২ গৰাকী প্ৰাক্তন সদস্যক ডেৰ লাখ টকাকৈ পুনঃসংস্থাপনৰ বাবে এককালীন সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অস্ত্ৰ সম্বৰণত দুয়োটা সংগঠনে ২৭৭টা মাৰণাস্ত্ৰৰ লগতে  বৃহৎ পৰিমাণৰ গুলী আৰু গ্ৰেনেড জমা দিয়ে ৷ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে গুৰুত্বপূৰ্ণ কথা। তেওঁ কয়- "অসমৰ ছোৱালীয়ে হাতত বন্দুক লৈ ম্যানমাৰ পাইছেগৈ, কিন্তু ঘৰত থকা তাঁতৰ  শালত কাপোৰ নবয় ৷ মোক লগ পালে সোধে এতিয়া কি কৰিম, মই কওঁ অসমত ৪ লাখ কোটি টকাৰ ব্যৱসায় হয় ৷ কিন্তু আমি কিয় অসমলৈ অহা ট্ৰাকসমূহত বাহিৰলৈ কানি-কাপোৰ বা উৎপাদিত সামগ্ৰী পঠাব নোৱৰোঁ ৷''

কামৰ প্ৰতি বিমুখ একাংশৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) পুনৰ কয়- ''গাঁওত যদি গৰু ৰাখোঁ সেইটো উৎপাদন হয়, দুটা গাহৰি ৰাখিলেও টকা আহে ৷ কিন্তু আমাৰ ৰাখিবলৈ সময় নাই ৷ কোনোবাই দোকান এখন খুলিলে আমি বিচাৰি যাওঁ চান্দা তুলিবলৈ, কিন্তু সেই লোকজনে ৩ জন বা ৬জন লোকক সংস্থাপন দিছে ৷ চান্দা তোলাতকৈ তেওঁলোকক গামোচা পিন্ধাব লাগে ৷ আজি ডেৰ লাখ টকা দি কি হ'ব বুলি ক'ব পাৰে, প্ৰশ্ন কৰিব পাৰে, মই কওঁ- ধিৰুভাই আম্বানিয়ে শ বা হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰিছিল ৷''

তেওঁ লগতে কয়- ''ডিজিপি ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই ভাষণত কৈছে বেয়া কাম কৰাসকলৰ ওপৰত নজৰ ৰাখিব, কিন্তু আমি নজৰ ৰাখিম ভাল কাম কৰা লোকসকলৰ ওপৰত, যাতে তেওঁলোকক আৰু উৎসাহ দিব পাৰোঁ।"

আনহাতে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskarjyoti Mahanta) সকলোকে কোনোধৰণৰ অপৰাধমূলক কাম-কাজৰ পৰা আঁতৰি থকাৰ বাবে আহ্বান জনায়৷
Published by:Gautam Barman
First published: