মুখ্যপৃষ্ঠা »খবৰ »অসম »MLA Terash Gowalla: দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ বাহনৰ পৰা বন্দুকৰ গুলী উদ্ধাৰ

MLA Terash Gowalla: দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ বাহনৰ পৰা বন্দুকৰ গুলী উদ্ধাৰ

ঘটনা সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে দুলীয়াজান আৰক্ষীয়ে

ঘটনা সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে দুলীয়াজান আৰক্ষীয়ে

ঘটনা সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে দুলীয়াজান আৰক্ষীয়ে

  • Share this:
দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা। দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাহনত উদ্ধাৰ হ'ল বন্দুকৰ গুলী। বিধায়কগৰাকীৰ এ এছ–০১ ই ভি–৫৮৯৯ নম্বৰৰ ইন'ভা বাহনখনৰ বাঁওফালৰ পিছৰ চকাত উদ্ধাৰ হৈছে বন্দুকৰ গুলীৰ অংশটো।

মঙলবাৰে বিধায়কৰ বাহনখনৰ চকা পামচাৰ হোৱাত মেৰামতি কৰাৰ বাবে যোৱাৰ সময়তেই বন্দুকৰ গুলীৰ অংশটো প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতেই শংকিত হৈ পৰিছে বিধায়ক তেৰচ গোৱালা (MLA Terash Gowalla)।

ইতিমধ্যে দুলীয়াজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিধায়কৰ বাহনত উদ্ধাৰ হোৱা গুলীৰ অংশটো জব্দ কৰি ঘটনা সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে। ইফালে আৰক্ষীৰ তদন্তৰ পিছতেই ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

শেহতীয়া বাতৰি