உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Gunotsav 2022 : শিক্ষকৰ ৰূপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কণ কণ ছাত্ৰ–ছাত্ৰীক ক’লে – ‘তহঁতে ভালকৈ পঢ়িবি দেই, মা–দেউতাহঁতে বহুত কষ্ট কৰিছে তহঁতৰ বাবে’

    Gunotsav 2022 : শিক্ষকৰ ৰূপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কণ কণ ছাত্ৰ–ছাত্ৰীক ক’লে – ‘তহঁতে ভালকৈ পঢ়িবি দেই, মা–দেউতাহঁতে বহুত কষ্ট কৰিছে তহঁতৰ বাবে’

    মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অহা ৪ বছৰত বিদ্যালয়সমূহৰ সমস্যা কমি আহিব। গুণোৎসৱক লৈ ভুল ধাৰণা ৰাখিব নালাগে।’’

    • Share this:
    হাইব্ৰীড পৰ্যায়লৈ নিয়া হ’ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা। গুণোৎসৱে। শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰে ছাত্ৰ–ছাত্ৰীক। গুণোৎসৱৰ শুভাৰম্ভ কৰি ছিপাঝাৰত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

    মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অহা ৪ বছৰত বিদ্যালয়সমূহৰ সমস্যা কমি আহিব। গুণোৎসৱক লৈ ভুল ধাৰণা ৰাখিব নালাগে।’’

    আজি ছিপাঝাৰত এগৰাকী শিক্ষকৰ ৰূপত দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কিছু সময়ৰ বাবে কণ কণ ছাত্ৰ–ছাত্ৰীক পাঠদান কৰে মুখ্যমন্ত্ৰীয়ে। ছিপাঝাৰৰ ঘোৰাবান্ধা জুনিয়ৰ বেছিক স্কুল আৰু বি জে গাৰ্লছ জুনিয়ৰ বেছিক স্কুলত গুণোৎসৱত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

    পাঠদানৰ পিছত ছাত্ৰ–ছাত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে কয়, এইখন স্কুলৰ সকলো ছাত্ৰ–ছাত্ৰী স্মাৰ্ট। তহঁতি ভালকৈ পঢ়িবি দেই। মা-দেউতাহঁতে বহুত কষ্ট কৰিছে তহঁতৰ বাবে।

    উল্লেখযোগ্য যে ১১ মে’ৰ পৰা ৪ জুনলৈ চলিব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। ৪৬ হাজাৰ বিদ্যালয়ৰ ৪২,৫০,২২৪ গৰাকী ছাত্ৰ–ছাত্ৰী অংশ হ’ব এই গুণোৎসৱৰ।
    Published by:Sanjay Kumar Das
    First published: