உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গুণোৎসৱৰ পৰ্ব শেষ!, এতিয়াৰ পৰা ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত হ’ব স্বগুণোৎসৱ

    গুণোৎসৱৰ পৰ্ব শেষ!, এতিয়াৰ পৰা ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত হ’ব স্বগুণোৎসৱ

    Source-Google

    Source-Google

    কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি বিদ্যালয় সমূহে আয়োজন কৰিব স্বগুণোৎসৱ

    • Share this:
      হীৰক জ্যোতি মালাকৰ: বিগত দুটা বছৰে  ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত কৰি আহিছিল গুণোৎসৱ।যাৰ উদ্দেশ্য আছিল ছাত্ৰ ছাত্ৰীৰ গুণগত মান উন্নত কৰা। কিন্তু এইবাৰৰ পৰা গুণোৎসৱৰ সলনি ৰাজ্যত অনুষ্ঠিত হ’ব স্বগুণোৎসৱ। কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি বিদ্যালয় সমূহে আয়োজন কৰিব স্বগুণোৎসৱ। অসম সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালক ছমচেৰ সিঙে ৰাজ্যৰ বিভিন্ন জিলা সমূহলৈ প্ৰেৰণ কৰা এক নিৰ্দেশনাত এই কথা প্ৰকাশ পাইছে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত হ’ব এই স্বগুণোৎসৱ।



      প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ পিয়ল কৰা হ’ব স্বগুণোৎসৱৰ জৰিয়তে। স্বগুণোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা এই ব্যৱস্থাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণাগুণ নিৰ্ণয় কৰিবৰ বাবে নিয়োগ কৰা হ’ব বিভিন্ন বিষয়াক।

      অসম সৰ্বশিক্ষা অভিযানে জাৰি কৰা এক নিৰ্দেশনাত বিদ্যালয়সমূহক এই অনুষ্ঠানৰ বাবে প্ৰস্তুত কৰা, অনুষ্ঠান পৰিচালনা কৰাৰ বাবে জিলা সমন্বয়ক মনোনীত কৰাৰ লগতে বিদ্যালয়সমূহ পৰীক্ষণ কৰাৰ বাবে নিৰীক্ষক বাচনি ইত্যাদিৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে।
      First published: