বিগত ২২ জানুৱাৰীৰ নিশা নগাঁৱৰ কচলুখোৱাত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰা ঘটনাক ৰাজ্যৰ চৌদিশে অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া।এইবাৰ নগাঁও কাণ্ডৰ বিৰূদ্ধে সৰৱ হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থা। উক্ত ঘটনাটোক লৈ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ দ্বাৰস্থ হ'ল গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল।
জানিব পৰা মতে, নগাঁৱৰ সেই ঘটনাটোৰ ন্যায়িক তদন্ত বিচাৰি আয়োগৰ ওচৰত প্ৰাক্তন ছাত্ৰ নেতাজনক ন্যায় দিবলৈ এক গোচৰ তৰিছে ছাত্ৰ সন্থাৰ বিষয়ববীসকলে। তেওঁলোকে লগতে চৰকাৰকো সমগ্ৰ ঘটনাটো নিৰপেক্ষ তদন্তৰ বাবে দাবী জনাইছে। উল্লেখযোগ্য যে, অহা ২৭ জানুৱাৰীত তেওঁলোকে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষকো সাক্ষাৎ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জনায়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 25, 2022, 09:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।