• Home
  • »
  • News
  • »
  • assam
  • »
  • কামৰূপ জিলাৰ পূজা সমিতিসমূহলৈ নিৰ্দেশনা কামৰূপ আৰক্ষীৰ, পূজা চাবলৈ যোৱাসকলেও কৰিব লাগিব এই কাম

কামৰূপ জিলাৰ পূজা সমিতিসমূহলৈ নিৰ্দেশনা কামৰূপ আৰক্ষীৰ, পূজা চাবলৈ যোৱাসকলেও কৰিব লাগিব এই কাম

জিলা প্ৰশাসনৰ নিৰ্দেশ উলংঘন কৰা পূজা সমিতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।

জিলা প্ৰশাসনৰ নিৰ্দেশ উলংঘন কৰা পূজা সমিতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।

জিলা প্ৰশাসনৰ নিৰ্দেশ উলংঘন কৰা পূজা সমিতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।

  • Share this:
কামৰূপ জিলাৰ পূজা সমিতিসমূহলৈ নিৰ্দেশনা কামৰূপ আৰক্ষীৰ। জিলা প্ৰশাসনৰ অনুমতি অবিহনে কামৰূপ জিলা অনুষ্ঠিত হ'ব নোৱাৰিব দুৰ্গা পূজা। পূজাস্থলীত মাদক দ্ৰৱ্য নিষিদ্ধ এলেকা ঘোষণা কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ। পূজাস্থলীত চিচিটিভি সংস্থাপন কৰাটো বাধ্যতামূলক।

কোনো ৰাজহুৱা বাট-পথ বন্ধ কৰিব নোৱাৰিব পূজা সমিতিয়ে। নিশা ৯ বজাত সামৰিব লাগিব পূজাস্থলী। কোনো ধৰণৰ সাংষ্কৃতিক কাৰ্যসূচী আৰু মেলা অনুষ্ঠিত কৰিব নোৱাৰিব পূজা সমিতিয়ে। পূজাৰ আৰম্ভণি আৰু অন্তত পূজা আয়োজক সমিতিয়ে কৰিব লাগিব কোভিড পৰীক্ষা।

দৰ্শণাৰ্থী আৰু পূজা আয়োজকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। জিলা প্ৰশাসনৰ নিৰ্দেশ উলংঘন কৰা পূজা সমিতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published: