এইবাৰ গুৱাহাটীত কেনেকৈ অনুষ্ঠিত হ’ব ষট পূজা? প্ৰশাসনে বান্ধি দিলে নিয়ম

এনেবাৰ নিয়মৰ লগতে মহানগৰৰ যান–বাহন শাখাৰ উপ-আয়ুক্ত প্ৰাণজিৎ বৰাই আগন্তুক ষট পূজাক লৈ বুধবাৰে সংবাদ মেল অনুষ্ঠিত কৰে।
এনেবাৰ নিয়মৰ লগতে মহানগৰৰ যান–বাহন শাখাৰ উপ-আয়ুক্ত প্ৰাণজিৎ বৰাই আগন্তুক ষট পূজাক লৈ বুধবাৰে সংবাদ মেল অনুষ্ঠিত কৰে।
- News18 Assam
- Last Updated: November 18, 2020, 4:02 PM IST
এনেবাৰ নিয়মৰ লগতে মহানগৰৰ যান–বাহন শাখাৰ উপ-আয়ুক্ত প্ৰাণজিৎ বৰাই আগন্তুক ষট পূজাক লৈ বুধবাৰে সংবাদ মেল অনুষ্ঠিত কৰে। ২০-২১ নৱেম্বৰৰ ষট পূজাৰ সময়ত যান–বাহন কেনেধৰণে চলিব সেই কথাও জনায় প্ৰানজিৎ বৰাই।
উপ–আয়ুক্ত প্ৰানজিৎ বৰাই জনোৱা মতে, ষট পূজাৰ বাবে দুয়োটা দিন ব্ৰহ্মপুত্ৰৰ পাৰৰ মহাত্মা গান্ধী পথ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব। চানমাৰিৰ পৰা মালিগাঁও হৈ যোৱা চিটিবাছসমূহ ৰিজাৰ্ভ বেংক হৈ এটি ৰোডেৰে যাব। চানমাৰি, উজান বজাৰৰ ফালৰ সৰ্বসাধাৰণ লোকৰ গাড়ী সন্দিকৈ মহাবিদ্যালয় আৰু পাণবজাৰ হৈ ভৰলুমুখেৰে যাব। মুঠৰ ওপৰত কোভিড প্ৰটকলৰ মাজেৰে ষট পূজাক আদৰিবলৈ সাজু হৈছে ষট পূজা পালন কৰা লোকসকলৰ লগতে প্ৰসাশনৰ লোক।