নেহৰু ষ্টেডিয়ামক ফুটবলৰ বাবে সম্পূৰ্ণৰূপে সংৰক্ষণ কৰাৰ দাবীত দেওবাৰে ফুটবলাৰেসকলে উত্তাল কৰি তুলিছিল গুৱাহাটীৰ ৰাজপথ।
নেহৰু ষ্টেডিয়ামক ফুটবলৰ বাবে সম্পূৰ্ণৰূপে সংৰক্ষণ কৰাৰ দাবীত দেওবাৰে ফুটবলাৰেসকলে উত্তাল কৰি তুলিছিল গুৱাহাটীৰ ৰাজপথ।
অৱশেষত আহিল ভাল খবৰ। যোৱা দেওবাৰৰ পৰা চলি থকা ফুটবলাৰৰ প্ৰতিবাদৰ প্ৰতি সন্মান জনালে ৰাজ্য চৰকাৰে। ৰঞ্জী ট্ৰফীৰ পিছতে ফুটবলৰ বাবে মুকলি হ'ব নেহৰু ষ্টেডিয়াম। বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, গুৱাহাটীত ফুটবলৰ দহখন গ্ৰাউণ্ড আছে যদিও এখনতো ফুটবল খেলিবলৈ অনুমতি দিয়া নাছিল। নেহৰু ষ্টেডিয়ামক ফুটবলৰ বাবে সম্পূৰ্ণৰূপে সংৰক্ষণ কৰাৰ দাবীত দেওবাৰে ফুটবলাৰেসকলে উত্তাল কৰি তুলিছিল গুৱাহাটীৰ ৰাজপথ। অসমৰ ফুটবলাৰৰ প্ৰতিবাদক সমৰ্থন জনাইছিল ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়াই। সেইদৰে দিল্লীতো এই সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছিল ফুটবলাৰসকলে।
ফুটবলাৰসকলৰ দাবী আছিল, নেহৰু ষ্টেডিয়াম সম্পূৰ্ণ ১০০ শতাংশই কেৱল ফুটবল খেলৰ বাবে সংৰক্ষণ কৰা। আৰু অৱশেষত ফুটবলাৰ সকলৰ দাবীৰ প্ৰতি সন্মান জনালে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঞ্জী ট্ৰফীৰ খেল শেষ হোৱাৰ পিছতে নেহৰু ষ্টেডিয়াম ফুটবলৰ বাবে মুকলি কৰি দিয়া বুলি আশ্বাস দিয়ে। লগতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কিছু ভুল বুজাবুজি হৈছিল বুলিহে মন্তব্য কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|