মুখ্যপৃষ্ঠা »খবৰ »অসম »নিশা হ’লেই হাতত টৰ্চ লাইট আৰু লাঠী লৈ ঘৰৰ পৰা ওলাই আহে এইসকল মহিলা, কিন্তু কি কৰে নিশাৰ আন্ধাৰত?

নিশা হ’লেই হাতত টৰ্চ লাইট আৰু লাঠী লৈ ঘৰৰ পৰা ওলাই আহে এইসকল মহিলা, কিন্তু কি কৰে নিশাৰ আন্ধাৰত?

নিশা ঘৰৰ কাম সামৰি এতিয়া চহৰখনৰ মহিলাই ঘৰখনক সুৰক্ষা দিয়াৰ স্বাৰ্থত হাতত টৰ্ছ লাইট আৰু লাঠী লৈ পহৰা দিবলৈ উলাই আহে।

নিশা ঘৰৰ কাম সামৰি এতিয়া চহৰখনৰ মহিলাই ঘৰখনক সুৰক্ষা দিয়াৰ স্বাৰ্থত হাতত টৰ্ছ লাইট আৰু লাঠী লৈ পহৰা দিবলৈ উলাই আহে।

নিশা ঘৰৰ কাম সামৰি এতিয়া চহৰখনৰ মহিলাই ঘৰখনক সুৰক্ষা দিয়াৰ স্বাৰ্থত হাতত টৰ্ছ লাইট আৰু লাঠী লৈ পহৰা দিবলৈ উলাই আহে।

  • Share this:
অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ ওপৰত হ্ৰাস পাইছে ৰাইজৰ আস্থা। সেয়ে এতিয়া নিজৰ সুৰক্ষাৰ দায়িত্ব নিজেই ল'বলৈ বাধ্য হৈছে নগাঁও চহৰবাসীয়ে। উল্লেখযোগ্য যে, বিগত প্ৰায় তিনিমাহ ধৰি নগাঁও জিলাত ব্যাপক হাঁৰত বৃদ্ধি পাইছে চুৰিৰ ঘটনা। গৃহস্থ নাথাকিলে দিন-দুপৰতে চোৰে লুটপাট চলাই সৰ্বস্বান্ত কৰিছে বহু পৰিয়ালক। আনহাতে নিশা চোৰে বহু পৰিয়ালৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰি ৰাইজক সন্ত্ৰাসিত কৰিছে। সেয়ে উপায়ন্তৰ হৈ নগাঁও চহৰৰ ৰামকৃষ্ণ ৰোড, বেঙ্গলীপট্টি, তিলক ডেকা ৰোড, কেলটেক্স, এ টি ৰোড আদিত নিশা মহিলাই ৰাজপথত পহৰা দিবলৈ বাধ্য হৈছে।

নিশা ঘৰৰ কাম সামৰি এতিয়া চহৰখনৰ মহিলাই ঘৰখনক সুৰক্ষা দিয়াৰ স্বাৰ্থত হাতত টৰ্ছ লাইট আৰু লাঠী লৈ পহৰা দিবলৈ উলাই আহে। নিশা ১২ বজাৰ পৰা পুৱা ৪ বজালৈকে উজাগৰে থাকি পহৰা দিবলৈ বাধ্য হোৱা এইসকল মহিলাক বুধবাৰে নিশা নগাঁও আৰক্ষীয়ে সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও মহিলাসকলে আৰক্ষীৰ এই বুজনিক নামানি পহৰা দিয়াত ব্যস্ত হয়।

আনহাতে নগাঁও আৰক্ষীৰ এগৰাকী উপ-আৰক্ষী অধীক্ষকে মহিলাসকলক বুজনি দিবলৈ নিশা নতুন বজাৰত উপস্থিত হয় যদিও সাংবাদিকৰ কেমেৰা দেখি সেইস্থানৰ পৰা আঁতৰি যায়।

উল্লেখযোগ্য যে, নগাঁৱত বিগত কেইমাহমানত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। আনকি বিগত সপ্তাহত তিনিটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে সংঘটিত হৈছে দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ড। সেয়ে বৰ্তমান নিজৰ সুৰক্ষাৰ দায়িত্ব নিজেই ল'বলৈ যেন নগাঁৱৰ সাধাৰণ ৰাইজ বাধ্য হৈছে।

শেহতীয়া বাতৰি