আজি ভূমি পূজনৰ যোগেদি জাতিঙ্গাত শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিড'ৰ এন এইচ- ২৭ৰ মাইবাঙৰ নেৰিমবাংলোৰ পৰা হাৰাঙ্গাজাওলৈকে ৪৯ কিলোমিটাৰ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কামৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লোছাই।
১৭০০ কোটি ব্যয়েৰে নিৰ্মাণ হ'ব লগা এই পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে আহমেদাবাদৰ দীনেশ চন্দ্ৰ আগৰৱালা আৰ ইনফ্ৰাকন প্ৰাইভেট লিমিটেড কোম্পানীয়ে। অহা তিনি বছৰ ভিতৰত এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। ভূতাত্ত্বিক সমস্যা থকা এলেকাত পথটো এলিভিটেড হ'ব।
উল্লেখনীয় যে যোৱা এটা দশকত এই পথছোৱা নিৰ্মাণৰ বাবে কেবাটাও নিৰ্মাণ সন্থাই এই পথ নিৰ্মাণৰ কাম কৰিছে। কিন্তু কাম সম্পূৰ্ণ নকৰাকৈ উভতি গৈছে। লগতে ইয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। কিন্তু শেহতীয়াকৈ ডিআৰএ ঠিকাদাৰি গোটে এই পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে। এতিয়া নতুন ডিজাইন আৰু জাপানিজ প্ৰযুক্তিত হ'ব সামগ্ৰিক কাম-কাজ।
Published by: Gautam Barman
FIRST PUBLISHED : March 08, 2023, 15:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।