உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাটৰ এখন ব্যতিক্ৰমী বিবাহ! ৰভাতলীতে ন-কইনাক কাষত বহুৱাই দৰাই কৰিলে ৰক্তদান

    যোৰহাটৰ এখন ব্যতিক্ৰমী বিবাহ! ৰভাতলীতে ন-কইনাক কাষত বহুৱাই দৰাই কৰিলে ৰক্তদান

    ন-কইনাক কাষত বহুৱাই দৰাৰ কৰিলে ৰক্তদান। ৰভাতলীত আয়োজন কৰিলে ৰক্তদান শিৱিৰ।ন-কইনাই ক'লে-ইয়াতকৈ আৰু আনন্দৰ দিন কি হব পাৰে।

    • Share this:
    যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ পৰ্বতীয়া গাঁৱৰ দিব্যজ্যোতি কলিতা নামৰ এজন যুৱকৰ বিবাহ অনুষ্ঠানত দেখিবলৈ পোৱা গ'ল ব্যতিক্ৰমী দৃশ্য। জীৱনৰ বিশেষ দিনটোত ৰভাতলীত আয়োজন কৰিলে ৰক্তদান শিবিৰ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত আয়োজন কৰা উক্ত ৰক্তদান কাৰ্যসূচীত নিজে ৰক্তদান কৰাৰ লগতে তেওঁৰ মাতৃ আৰু বন্ধুবৰ্গই কৰিলে ৰক্তদান।

    এই সন্দৰ্ভত দিব্যজ্যোতি কলিতাই অৱগত কৰা অনুসৰি -" যুগ্ম জীৱনৰ পাতনি মেলাৰ বিশেষ দিনটো  ৰক্তদানেৰে অধিক মনত ৰাখিব বিচাৰিছে তেওঁ। ২০০২ চনৰে পৰা 'টিম হিউমিনিটি' নামৰ এটি ৰক্তদান অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে দিব্যজ্যোতি।

    ইপিনে পুত্ৰৰ বিবাহৰ দিনাই ঘৰৰ ৰভাতলীত ৰক্তদান কৰি গৌৰৱবোধ কৰে মাতৃয়ে। তেওঁ কয়-  ইয়াতকৈ আৰু সুখৰ দিন কি হ'ব পাৰে। লগতে স্বামীৰ এনে পদক্ষেপৰ সাক্ষী হৈ ন-কইনাই ক'লে- স্বামীৰ এই মহৎ পদক্ষেপক সদায় সহযোগিতা আগবঢ়াই যাম।
    Published by:Himangshu Bhuyan
    First published: