চৰকাৰী চাকৰি বিচাৰি অফিচে অফিচে দৌৰি নুফুৰি তেওঁলোকে কলখেতিৰে উপাৰ্জনৰ পথ হিচাপে বাচি লৈছে।
চৰকাৰী চাকৰি বিচাৰি অফিচে অফিচে দৌৰি নুফুৰি তেওঁলোকে কলখেতিৰে উপাৰ্জনৰ পথ হিচাপে বাচি লৈছে।
দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত অসম–মেঘালয় সীমান্তৰ কুলচী নলবাৰীত সেউজ বিপ্লৱৰ সূচনা। ৰাভা লোকসকলে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে। প্ৰায় ৩০০ বিঘা ভূমিত এতিয়া কেৱল মালভোগ কলৰ খেতি। কুলচী নৈৰ পাৰত কৰা কলখেতিৰে চাৰিওফালৰ সেউজীয়া হৈ পৰা নদন–বদন পৰিৱেশে আপ্লুত কৰিব আপোনাকো। কুলচী নলবাৰীৰ সতীশ ৰাভাই কেইজনমান শিক্ষিত যুৱকক লগত লৈ প্ৰথমে কম মাটিত কলখেতি আৰম্ভ কৰিছিল যদিও এই কলখেতি পিছত লাহে লাহে বঢ়াই গৈ ৩০০ বিঘা মাটিত কৰে।
এতিয়া সতীশ ৰাভাৰ সৈতে প্ৰায় ৬০জন লোকে দিনৰ দিনটো এই খেতিত ব্যস্ত হৈ থাকে। চৰকাৰী চাকৰি বিচাৰি অফিচে অফিচে দৌৰি নুফুৰি তেওঁলোকে কলখেতিৰে উপাৰ্জনৰ পথ হিচাপে বাচি লৈছে। ফল লাভ কৰাৰ সময়তে লকডাউনে জুৰুলা কৰিছিল যদিও ভাগৰি নপৰি তেওঁলোক সাহস ৰাখি কাম কৰি গৈছিল। এতিয়া তেওঁলোকে লাহে লাহে পোহৰৰ বাট দেখিছে। ইতিমধ্যেই দক্ষিণ কামৰূপৰ লগতে গুৱাহাটী মহানগৰীৰৰ কলৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এই এই সকল যুৱকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|