গাজিয়াবাদত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। ইতিমধ্যে নয়দা প্ৰশাসনে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।
গাজিয়াবাদত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। ইতিমধ্যে নয়দা প্ৰশাসনে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।
ক’ত হেৰাইছে মানৱতা! প্ৰসৱ যন্ত্ৰণাত চটফটাই থকা এগৰাকী গৰ্ভৱতী মহিলাক লৈ হেতালি খেলিলে ৮ খনকৈ হাস্পতালে। নয়দাত সংঘটিত হৈছে এই ঘটনা। এগৰাকী ৮ মহীয়া গৰ্ভৱতী মহিলাৰ ব্লাড প্ৰেচাৰ বাঢ়ি অহাত উশাহ লোৱাত কষ্ট হৈছিল। ফলত মহিলাগৰাকীক চিকিত্সালয়লৈ লৈ যোৱা হয়। কিন্তু এখন দুখন নহয়, মুঠ ৮ খন চিকিত্সালয়ে মহিলাগৰাকীক নকৰিলে চিকিত্সা। ফলত ১২ ঘণ্টাৰ পিছতে কৰুণ ভাবে মৃত্যুক সাৱটি লয় গৰ্ভৱতী মহিলাগৰাকীয়ে।
পৰিয়ালৰ অভিযোগ, কোনো এখন হাস্পতালে এডমিট নকৰিলে মহিলাগৰাকীক। ঘটনা পোহৰলৈ অহাৰ পিছতে নয়দা প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে। মহিলাগৰাকীৰ ঘৰ গাজিয়াবাদৰ খোড়া এলেকাৰ বুলি জানিব পৰা গৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|