পদূলিমুখত প্ৰতিজন অসমীয়াৰ আদৰৰ ভোগৰ উৎসৱ ভোগালী (Bhogali festival) ৷ কিন্তু ভোগালীৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে জাৰি কৰা নতুন SOPক লৈ এতিয়া বিপাঙত প্ৰতিজন অসমীয়া। কাৰণ নিশা ১০ বজাৰ পৰা কাৰ্ফিউ ঘোষণা (announcing curfew) কৰি নিশা ভেলাঘৰত কাকো নাথাকিবলৈ চৰকাৰে জনোৱা আহ্বানক লৈ এতিয়া মুঠেই সন্তুষ্ট নহয় প্ৰতিজন অসমীয়া ৷ তাৰ মাজতে সোমবাৰে সংবাদমেল আয়োজন কৰি বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষীয়ে ১০ বজাৰ পৰিৱৰ্তে বিহুত ১২ বজাৰ পৰা কাৰ্ফিউ দিবলৈ আহ্বান জনালে চৰকাৰক ৷
একেদৰে পুৱা ৬ বজাৰ পৰিৱৰ্তে পুৱা ৫ বজালৈ কাৰ্ফিউৰ সময়সীমা শিথিল কৰিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান কৰিলে গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষীয়ে (greater guwahati bihu coordination committee) ৷ যিসকলে ক'ভিডৰ নীতি-নিয়ম বনাইছে, তেওঁলোকেই নীতি-নিয়ম পালন কৰা নাই বুলিও আক্ষেপ কৰে গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষীৰ বিষয়ববীয়াই ৷ তেওঁলোকৰ মতে ৩১ ডিচেম্বৰৰ নিশা যিদৰে শিথিলতা প্ৰদান কৰিছিল চৰকাৰে, আশা কৰা হৈছে বিহুৰ দুটা দিনতো সেই ধৰণেই শিথিলতা প্ৰদান কৰি সাময়িক সকাহ প্ৰদান কৰিব প্ৰতিজন অসমীয়াক৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|