দেৱশিশুক নদলিয়াব ৰাজপথলৈ! ‘অনাকাংক্ষিত’ সন্তানৰ পিতৃ–মাতৃক বিকল্প দেখুৱালে নলবাৰীৰ NGO–ই

বিভিন্ন সময়ত লোকলজ্জাৰ ভয়ত জাৱৰৰ দ’মলৈ অথবা পথৰ দাঁতিত সন্তান এৰি থৈ যোৱা পিতৃ–মাতৃলৈ বিশেষ আহ্বান গ্ৰাম্য বিকাশ মঞ্চ নামৰ বেচৰকাৰী সংস্থাটোৰ।

news18assam
Updated:June 3, 2019, 4:51 PM IST
দেৱশিশুক নদলিয়াব ৰাজপথলৈ! ‘অনাকাংক্ষিত’ সন্তানৰ পিতৃ–মাতৃক বিকল্প দেখুৱালে নলবাৰীৰ NGO–ই
বিভিন্ন সময়ত লোকলজ্জাৰ ভয়ত জাৱৰৰ দ’মলৈ অথবা পথৰ দাঁতিত সন্তান এৰি থৈ যোৱা পিতৃ–মাতৃলৈ বিশেষ আহ্বান গ্ৰাম্য বিকাশ মঞ্চ নামৰ বেচৰকাৰী সংস্থাটোৰ।
news18assam
Updated: June 3, 2019, 4:51 PM IST
ছচিয়েল মিডিয়াত প্ৰশংসিত হৈছে এক NGOৰ পদক্ষেপ। বিভিন্ন সময়ত লোকলজ্জাৰ ভয়ত জাৱৰৰ দ’মলৈ অথবা পথৰ দাঁতিত সন্তান এৰি থৈ যোৱা পিতৃ–মাতৃলৈ বিশেষ আহ্বান গ্ৰাম্য বিকাশ মঞ্চ নামৰ বেচৰকাৰী সংস্থাটোৰ। গ্ৰাম্য বিকাশ মঞ্চৰ কাৰ্যালয়ৰ সন্মুখত সংস্থাটোৱে ৰাখিছে এখন ‘জুলনা’। ‘জুলনা’খন থকা BABY CRADLE POINTত লিখা হৈছে – ‘আপুনি যদি আপোনাৰ অনাকাংক্ষিত শিশুটিক ত্যাগ কৰিব খুজিছে অনুগ্ৰহ কৰি জাৱৰৰ দ’মত নহয়, জুলনাখনত থৈ বেলটো বজাই দিয়ক।’ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে বেচৰকাৰী সংস্থাটোৰ এই পদক্ষেপক লৈ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি