মুখ্যপৃষ্ঠা »খবৰ »অসম »ডেৰ বছৰীয়া নাতিনীয়েকক হত্যা কৰি ঘৰৰ পিছফালৰ কুঁৱাত পেলাই দিলে নিজ আইতাকে 

ডেৰ বছৰীয়া নাতিনীয়েকক হত্যা কৰি ঘৰৰ পিছফালৰ কুঁৱাত পেলাই দিলে নিজ আইতাকে 

  • Share this:
আইতাকৰ হাততে প্ৰাণ গ’ল ডেৰ বছৰীয়া নাতিনীয়েকৰ। অতি নৃশংসভাবে আইতাকে হত্যা কৰিলে নিজ নাতিনীয়েকক। হত্যা কৰি নাতিনীয়েকক আনকি পেলাই দিলে ঘৰৰ পিছফালে থকা এটা কুঁৱাত। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত সংঘটিত হ’ল এই চাঞ্চল্যকৰ ঘটনাটো।

নাহৰকটীয়াৰ এগৰাকী পাষাণ মহিলাই বৃহস্পতিবাৰে পুৱা নিজৰ ডেৰবছৰীয়া নাতিনীক অতি নৃশংসভাবে হত্যা কৰি নিজ ঘৰৰ পিছফালে থকা কুঁৱাত পেলাই দিয়ে। এই ঘটনা সংঘটিত কৰা সময়ত কণমানিজনীৰ ককাক আৰু দেউতাক নাছিল ঘৰত। কণমানিজনীৰ মাকে গা ধুই থকা সময়তে এই ঘটনা সংঘটিত কৰে আইতাকে।

পিছত হত্যাকাণ্ড সংঘটিত কৰি মহিলাগৰাকীয়ে নিজে নাহৰকটীয়া আৰক্ষী থানাৰ অন্তৰ্গত মেৰবিল আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। বৰ্তমান আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।

শেহতীয়া বাতৰি