৩৭ টা পদকেৰে পূৱ মণ্ডলৰ ৰাষ্ট্ৰীয় সাঁতোৰত উজলিছে গুৱাহাটীৰ মাৰ্লিন একুৱেটিকছৰ খেলুৱৈ

খেলুৱৈয়ে অভিলেখ সংখ্যক ৩৭ টা স্বৰ্ণ, ১২ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জ পদক অৰ্জন কৰে।

News18-Assam
Updated:October 12, 2019, 6:11 PM IST
৩৭ টা পদকেৰে পূৱ মণ্ডলৰ ৰাষ্ট্ৰীয় সাঁতোৰত উজলিছে গুৱাহাটীৰ মাৰ্লিন একুৱেটিকছৰ খেলুৱৈ
খেলুৱৈয়ে অভিলেখ সংখ্যক ৩৭ টা স্বৰ্ণ, ১২ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জ পদক অৰ্জন কৰে।
News18-Assam
Updated: October 12, 2019, 6:11 PM IST
বিপুল বৰ্মন: ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ খেলুৱৈৰ সফলতা। ওড়িছাৰ সদ্য সমাপ্ত চিবিএছচি ফাৰ ইষ্ট জোন সাতোৰ চেম্পিয়নশ্বীপ ২০১৯ত গুৱাহাটীৰ মাৰ্লিন একুৱেটিকছৰ খেলুৱৈ ৩৭ টা পদক অৰ্জনেৰে প্ৰতিযোগিতাত অভিলেখ সৃষ্টি কৰে। মাৰ্লিনৰ খেলুৱৈয়ে অভিলেখ সংখ্যক ৩৭ টা স্বৰ্ণ, ১২ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জ পদক অৰ্জন কৰে। মাৰ্লিন একুৱেটিকছৰ আদিত্য লাহন আৰু ৰাজদ্বীপ গগৈয়ে নিজ নিজ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সম্মান লাভ কৰে। উল্লেখযোগ্য যে মাৰ্লিন একুৱেটিকছৰ মুখ্য প্ৰশিক্ষক হল আন্ত:ৰাষ্ট্ৰীয় প্ৰশিক্ষক ৰাজিৱ দে । ৰাজীৱ দেৱ প্ৰশিক্ষণ কেন্দ্ৰটোৰ সকলো সফল খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি