জটিল ৰোগত আক্ৰান্ত নাতিক সুস্থ কৰি তুলিবলৈ আইতাকৰ সংগ্ৰাম, মাতৃহাৰা শিশুটিয়ে দিন-ৰাতি পাৰ কৰিছে বিচনাতে

মাতৃহাৰা কণমানি শিশুটি ৬ মাহ ধৰি এতিয়া বিচনাত, জটিল ৰোগত আক্ৰান্ত শিশুটিক সুস্থ কৰি তুলিবলৈ আইতাকে বিচাৰিছে আপোনাৰ কিছু সহায়
মাতৃহাৰা কণমানি শিশুটি ৬ মাহ ধৰি এতিয়া বিচনাত, জটিল ৰোগত আক্ৰান্ত শিশুটিক সুস্থ কৰি তুলিবলৈ আইতাকে বিচাৰিছে আপোনাৰ কিছু সহায়
- News18 Assam
- Last Updated: September 12, 2020, 3:49 PM IST
কৌশল্যা দাস নামৰ মহিলাগৰাকীৰ নাতি ১২ বছৰীয়া ধৃতিষ্মান ৰাজনংশী যোৱা এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত। প্ৰায় ৬ মাহ ধৰি বিচনাতে দিন পাৰ কৰিছে ধৃতিষ্মানে।।মাতৃৰ মৃত্যুৰ পিছৰে পৰা আইতাক কৌশল্যা দাসে ডাঙৰ দীঘল কৰা ল’ৰাটো হঠাত্ অসুস্থ হৈ পৰাৰ আইতাকৰ মূৰৰ ওপৰত সৰগ ভাঙি পৰে।
ধৃতিষ্মানক MMC হাস্পতালত চিকিৎসা কৰা হৈছিল যদিও স্বাস্থ্যৰ কোনো ধৰণৰ উন্নতি নোহোৱাত মহানগৰীৰ খ্ৰীষ্টিয়ান বস্তিস্থিত এপলো হাস্পতালত ভৰ্তি কৰা হয়। কিন্তু অৱস্থা কিছু গুৰুতৰ হোৱাৰ বাবে কণমানিটোক উন্নত চিকিত্সাৰ বাবে বহিঃ ৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিয়ে চিকিৎসকে।
যদি কোনো লোকে ধৃতিষ্মানক সহায় কৰিব বিচাৰে তেন্তে তলৰ একাউণ্ট নম্বৰৰ জৰিয়তে আগবঢ়াব পাৰিব সহায়ৰ হাত-
কানাড়া বেংক , ধাৰাপুৰ শাখা , একাউণ্ট নম্বৰ 4557120000220, IFSC Code CNRB0004557 আৰু
যোগাযোগ নম্বৰ - 9864914403 , 8486481411