• Home
  • »
  • News
  • »
  • assam
  • »
  • মহাজোঁটৰ কি হ'বগৈ? ১৫ আগষ্টৰ ভিতৰত সিদ্ধান্ত ল'ব বিপিএফে

মহাজোঁটৰ কি হ'বগৈ? ১৫ আগষ্টৰ ভিতৰত সিদ্ধান্ত ল'ব বিপিএফে

পূৰ্বে মহাজোঁটক নলগা অখিলক এতিয়া কিয় লাগে মহাজোঁটঃ দুৰ্গা দাস বড়ো

পূৰ্বে মহাজোঁটক নলগা অখিলক এতিয়া কিয় লাগে মহাজোঁটঃ দুৰ্গা দাস বড়ো

পূৰ্বে মহাজোঁটক নলগা অখিলক এতিয়া কিয় লাগে মহাজোঁটঃ দুৰ্গা দাস বড়ো

  • Share this:

মহাজোঁটত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF থাকিবনে নে নাই সেয়া এতিয়াও স্পষ্ট কৰা নাই দলটোৱে ৷ কিছুদিন পূৰ্বে BPFৰ বহুকেইজন নেতাই এতিয়া আৰু মহাজোঁটত BPF থকাৰ প্ৰয়োজন নাই বুলি দাবী কৰিছিল ৷ কিন্তু আজি পৰ্যন্ত মহাজোঁটৰ পৰা আনুষ্ঠানিকভাৱে আঁতৰি যোৱা নাই ৷


মহাজোঁটক লৈ চলি থকা বিৰ্তকৰ মাজতে মঙলবাৰে BPFৰ মুখপাত্ৰ তথা বিধায়ক দুৰ্গা দাস বড়োৱে ক'লে–  “পোন্ধৰ আগষ্টৰ ভিতৰত BPF–এ সিদ্ধান্ত ল'ব ৷”


সোমবাৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে আসন্ন উপ নিৰ্বাচনত BJPক পৰাভূত কৰিবলৈ উমৈহতীয়া প্ৰাৰ্থিত্ব দিব লাগে বুলি আহ্বান কৰিছিল ৷


কিন্তু অখিল গগৈৰ এই আহ্বানক প্ৰত্যাহ্বান জনাই BPFৰ মুখপাত্ৰ তথা বিধায়ক দুৰ্গা দাস বড়োৱে৷ দুৰ্গা দাস বড়োৰ প্ৰশ্ন- “নিৰ্বাচনৰ পূৰ্বে মহাজোঁটে মহাজোঁটৰ অংশীদাৰ হ'বলৈ আহ্বান জনাইছিল যদিও অখিল গগৈয়ে অহা নাছিল ৷ মহাজোঁটৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দি BJPৰ জয়ত সহায় কৰা অখিল গগৈক এতিয়া কিয় লাগে মহাজোঁটক?”


অখিল গগৈয়ে সোমবাৰে উপ–নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থিত্ব দিব লাগে বুলি কৰা মন্তব্য সন্দৰ্ভত মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক'লে- “এই পৰ্যন্ত ৰাইজৰ দলৰ সৈতে কোনো আনুষ্ঠানিক আলোচনা কৰা নাই কংগ্ৰেছে ৷”


ইপিনে উপ নিৰ্বাচনত BPF–এ তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত প্ৰাৰ্থী দিব বুলি মঙলবাৰে সদৰী কৰে BPFৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে ৷ উল্লেখযোগ্য যে BPF–এ উন্নয়নমূলক কাম–কাজৰ বাবে BJPক সহায় কৰিব বুলি সদৰী কৰে দুৰ্গা দাস বড়োৱে ৷

Published by:Gautam Barman
First published: